sangbad lahar logo

গোৱালপাৰাত দুই ফৈদৰ কাজিয়াত এজনৰ মৃত্যু…

গোৱালপাৰা জিলাৰ পশ্চিম সমষ্টিৰ অন্তৰ্গত কুমৰীত দুই ফৈদৰ মাজত দীৰ্ঘদিনৰ পৰা চলি থকা কাজিয়াই আজি মাৰপিটৰ ৰূপ লয়। আজি বিয়লি ৪ মান বজাত এক মাৰপিট হোৱা ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। সাহা আলম নামৰ ৬০ বছৰীয়া বৃদ্ধক মৰিয়াই মৰিয়াই হত্যা কৰা ঘটনাৰ পিছতেই অঞ্চলজুৰি উত্তেজনা অব্যাহত আছে। জানিব পৰামতে নুৰ উদ্দিন, ছায়েদ আলী গাওঁবুঢ়া, বিল্লাল হুছেইনৰ লগতে একাংশ সাংগো-পাংগো সাহা আলম নামৰ লোক গৰাকীক শৰীৰৰ বিভিন্ন অংগত ঘোচা আৰু গোৰ মাৰি গুৰুলা গুৰুল কৈ প্ৰহাৰ কৰাত ঘটনাস্থলীতে লোক জন ঢলি পৰে বুলি পৰিয়ালৰ লোকে উল্লেখ কৰে। উল্লেখ্য যে নৰনাৰায়ণ সেতুৰ কাষেৰে নতুনকৈ নিৰ্মাণৰত আন এখনি দলঙৰ কাম চলি আছে। উক্ত দলংৰ কামৰ বাবে মাটি পৰীক্ষণৰ বাবে কুমৰী বিলত নাঁৱেৰে সাহা আলমৰ এটা গ্ৰুপে কাম কৰি আছিল। ইফালে একে গাঁৱৰে নুৰ উদ্দিন আৰু ছায়েদ আলীৰ আন এটা গ্ৰুপে একেই কাম নিজৰ গ্ৰুপৰ দ্ধাৰা কৰাকলৈ বাক-বিতণ্ডাৰ সৃষ্টি হয় । জানিব পৰা মতে আজি পুৱাৰ পৰাই মাৰ পিট কৰিবলৈ সজ্জিত হৈ আছিল নুৰুদ্দিন গ্ৰুপে। জানিব পৰা মতে গোৱালপাৰা জিলাৰ কুমৰীত লোমহৰ্ষক ঘটনাৰ আঁৰত কুমৰী গাওঁৰ ছায়েদ আলী নামৰ গাওঁবুঢ়া জনে নেতৃত্ব দিছিলে। বর্তমান চায়েদ আলীৰ মৃতদেহ গোৱালপাৰা চহৰৰ চলেচ হস্পিতালৰ মৰ্গত ৰখা হৈছে । সন্ধিয়া হোৱাৰ বাবে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰিব পৰা নাই বুলিও জানিব পৰা গৈছে। ইপিনে আৰক্ষীৰ তদন্ত অব্যাহত আছে যদিও বাতৰি লিখা পৰলৈকে এজনকো ধৰিবলৈ সক্ষম হোৱা নাই। এই হত্যাকাণ্ড সংঘটিত হোৱাত কুমৰী অঞ্চল জুৰি শোকৰ ছাঁ পৰাৰ লগতে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *