গোৰেশ্বৰৰ সমীপৱৰ্তী সেপকুছিত বৰডাঙ্গেৰীকুছি গাঁও পঞ্চায়তৰ কংগ্ৰেছ প্ৰাৰ্থীৰ নিৰ্বাচিনী কাৰ্যালয় মুকলি।কাৰ্যালয়টো মুকলি কৰে অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক মতলেবউদ্দিন আহমেদে ।বৰডাঙ্গেৰীকুছি গাঁও পঞ্চায়তৰ,আঞ্চলিক সদস্য পদৰ কংগ্ৰেছ দৱৰ মনোনীত প্ৰাৰ্থী বীৰেন কলিতাৰ নিৰ্বাচনী কাৰ্যালয়টো মুকলি কৰি মতলেবউদ্দিন আহমেদে কয় যে বিজেপি মিত্ৰযোঁট চৰকাৰে বৰডাঙ্গেৰীকুছি অঞ্চলত এটাও পকী পথ নিৰ্মাণ কৰা নাই। কংগ্ৰেছৰ বিধায়ক উত্তৰা কলিতাই গাছবাৰীৰ পৰা মহাজনপাৰালৈ যোৱা মূল পথটো নিৰ্মাণ কৰিছিল । তাৰ পিছত যাদব ডেকা ,সত্যব্ৰত কলিতা আৰু বৰ্তমানৰ বিধায়ক দিগন্ত কলিতাই এটাও পকী পথ নিৰ্মাণ কৰা নাই। গতিকে ভোট কাক দিব ৰাইজে ঠিক কৰিব আৰু কংগ্ৰেছৰ প্ৰাৰ্থীগৰকী নিৰ্বাচনত জয়ী হব সেয়া নিশ্চিত। ইফালে বিৰোধী অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক সমালোচনা কৰিবলৈ গৈ মতলেবউদ্দিন আহমেদে কয় যে অগপ দলৰ কোনো নীতি নিয়ম নাই।দলটো বিজেপিৰ মতে চলে আৰু মুছলমান লোক থকা অঞ্চলত ভোট বিভাজনৰ কাৰণেহে অগপ দলে প্ৰাৰ্থীত্ব দিয়ে ।

আনহাতে পঞ্চায়তৰ দুৰ্নীতি নিৰ্মুল কৰাৰ কাৰণে নিৰ্বাচনত অবতীৰ্ণ হোৱাৰ লগতে এইক্ষেত্ৰত ৰাইজৰ বিপুল সঁহাৰি লাভ কৰা বুলি প্ৰাৰ্থী বীৰেন কলিতাই মন্তব্য কৰে। কাৰ্যালয় মুকলি অনুষ্ঠানত দলৰ কেইবাগৰাকী কাৰ্যকৰ্তা উপস্থিত থাকে।