sangbad lahar logo

গোৰেশ্বৰৰ শিঙিমাৰীত ৰাইজে মেৰামতি কৰিলে পথ..

নিৰ্বাচন আহিল নিৰ্বাচন গ’ল । কিন্তু সমাধান নহ’ল ৰাইজৰ সমস্যাৰ । বাট পথৰ সমস্যাই আজিও জুৰুলা কৰি ৰাখিছে গোৰেশ্বৰৰ শিঙিমাৰীবাসীক । স্থানীয় বিধায়ক ভৱেশ কলিতাক অৱগত কৰিছিল যদিও আজিকোপতি পথটো উন্নতিকৰণ নহ’ল । সেইবাবে ৰাইজে লগ লাগি শিঙিমাৰী গ্ৰাম্য উন্নয়ন সংঘৰ আৰ্থিক সাহায্যৰে নিজে মেৰামতি কৰিলে পথটো  । যোৱা বানপানীতে ভাঙি যোৱা পথটোৰ ওপৰত এখন বাহৰ দলঙেৰে বিপদসংকুল যাত্ৰা কৰি আছিল শিঙিমাৰী অঞ্চলটোৰ গাওঁবাসীয়ে ।

ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ যাব লাগিলেও অসুবিধাৰ সন্মুখীন হয় । আনফালে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোৰেশ্বৰ আঞ্চলিক শাখাৰ নামঘৰলৈ যোৱা একমাত্ৰ গুৰুত্বপূৰ্ণ পথ হৈছে এই পথটো । সেয়েহে আজি শিঙিমাৰী গ্ৰাম্য উন্নয়ন সংঘৰ উদ্যোগত আজি ৰাইজে নিজেই মেৰামতি কৰিলে পথটো । অনতিপলমে শিঙিমাৰীৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোৰেশ্বৰ আঞ্চলিক শাখাৰ নামঘৰলৈ যোৱা একমাত্ৰ পথটো পকী কৰণ কৰিবলৈ বৰ্তমানৰ বিধায়কক স্থানীয় ৰাইজে দাবী জনাইছে ।

Related Articles