
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৩ তম আবিৰ্ভাৱ তিথি উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তত হৰি নামেৰে মুখৰিত হৈ পৰিছে। তাৰ সমান্তৰালকৈ বাক্সা জিলাৰ গোৰেশ্বৰৰ বিভিন্ন অঞ্চলতো প্ৰতিটো নামঘৰৰ পদুলি ভক্তিৰসেৰে ভৰি পৰিছে। গোৰেশ্বৰৰ বিভিন্ন অঞ্চলৰ লগতে ছিল্কীঝাৰৰ বিষ্ণুজ্যোতি প্ৰাথমিক শাখা, মণিকাঞ্চন প্ৰাথমিক শাখা, বাসুদেৱ প্ৰাথমিক শাখা, চতুৰ্ভূজ প্ৰাথমিক শাখাকে ধৰি কেইবাটাও প্ৰাথমিক শাখাৰ পদুলি হৰিনামেৰে মুখৰিত হৈ পৰিছে। ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে ভাগৱত শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰাত ভকত বৈষ্ণৱৰ লগতে গাঁৱখনৰ পুৰুষ মহিলা যুৱক-যুৱতী সকলেও অংশগ্ৰহণ কৰে।পুৱাৰে পৰা অনুষ্ঠিত হোৱা বিভিন্ন ধৰ্মীয় কাৰ্যসূচীত ভক্তপ্ৰাণ ৰাইজৰ অংশগ্ৰহণেৰে বৈকুণ্ঠ নগৰীলৈ পৰিণত কৰি তোলে ছিল্কীঝাৰ গাঁৱৰ নামঘৰৰ প্ৰাংগন। এই পবিত্ৰ অনুস্থানৰ লগত সংগতি ৰাখি অসম ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক ভৱেশ কলিতা উপস্থিত থাকি বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে।