
বাক্সা জিলাৰ গোৰেশ্বৰৰ দলংদিয়াস্থিত জলসিঞ্চন প্ৰকল্পৰ পৰা বাগানবস্তিৰ চক্ৰপ্ৰিয়া চ’কলৈ প্ৰায় ডেৰ কিলোমিটাৰ চিচি ব্লকৰ পথ নিৰ্মাণত সংঘটিত হৈছে বিসংগতি। যাৰ বাবে কিছুদিন পূৰ্বে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ পিছত পুনৰ পথৰ প্ৰায় পঞ্চাশ মিটাৰ অংশ সম্পূৰ্ণ উঠাই দি নতুনকৈ নিৰ্মাণ কৰিবলৈ বিভাগীয় ভাৱে ঠিকাদাৰক দিয়া হয় নিৰ্দেশ। ৰাজ্য চৰকাৰৰ গুড উইল আঁচনিৰ অধীনত এক কৌটি পোন্ধৰ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মিত চিচি ব্লকৰ পথচোৱা নিৰ্মানৰ অন্তত পথটিত কিছু দিনতে পুনৰ নিৰ্মান কৰিবলগীয়া হোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। স্থানীয় লোকসকলে পথছোৱাৰ নিৰ্মাণ কাৰ্য নিম্নমানৰ হোৱা বুলি পূৰ্বেও অভিযোগ উত্থাপিত কৰিছিল। যাৰ পৰিপ্ৰেক্ষিতে আজিৰে পৰা পথটোৰ ৫০ মিটাৰ অংশ পুনৰ নিৰ্মাণ কৰিবলগীয়া হৈছে। অভিযোগ অনুযায়ী প্ৰাক কলন মতে পথটোৰ উচ্চতা যিমান হ’ব লাগে সেয়া নোহোৱাৰ বাবে এই ধৰণে বিভাগীয় অভিযন্তাই পৰিদৰ্শন কৰি এই ব্যৱস্থা গ্ৰহণ কৰিছে। ইপিনে কেবল পঞ্চাশ মিটাৰে নহয় সমগ্ৰ পথছোৱাৰ কাম নিম্নমানৰ হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।