sangbad lahar logo

গোৰেশ্বৰত এগৰাকী যুৱতীৰ ব্যতিক্ৰমী প্ৰতিভা।

যাৰ হাতৰ পৰশত প্ৰাণ প্ৰায় উঠিছে কিছুমান নিৰ্জীৱ পদাৰ্থ। পেলনীয়া প্লাষ্টিকৰ সামগ্ৰীৰ পুনৰ ব্যৱহাৰ কৰি পৰিবেশ প্ৰদূষণ মুক্ত কৰাৰ লগতে ঘৰতে সজাই ৰাখিব পৰা বিভিন্ন ধৰণৰ সামগ্ৰী সাজি উলিয়ায়ছে। গোৰেশ্বৰৰ এগৰাকী উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ প্ৰতিভাধাৰী ছাত্ৰী। যাৰ নাম স্নেহা বনিয়া।মাধৱ চন্দ্ৰ বনিয়া আৰু দেৱতী ডেকাৰ কন্যা স্নেহাই যোৱা লকডাউনৰ পৰা একেৰাহে চলাই গৈছে শিল্প সাধনা । যাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে ঘৰৰ ড্ৰইং ৰুমত সজাই থব পৰা বিভিন্ন ধৰনৰ সা-সামগ্ৰী। পেলনীয়া প্লাষ্টিকৰ সামগ্ৰী, প্লাষ্টিকৰ বটল আদিৰ পৰা স্নেহাই নিৰ্মাণ কৰি উলিওৱা,ফুলদানি, জীৱ-জন্তু,ঘৰত সজাই ৰাখিব পৰা বিভিন্ন সামগ্ৰী, প্ৰাকৃতিক পৰিৱেশ আদি জীৱন্ত হৈ উঠিছে স্নেহাৰ হাতৰ পৰশত ।বাইহাটা চাৰিআলিস্থিত ৰামানুজন একাডেমীৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰী স্নেহা। আনৰ দৰে ম’বাইলতে ব্যস্ত নাথাকি স্নেহাই আজৰি সময়ত পেলনীয়া প্লাষ্টিকৰ বটলবোৰ লৈ, সাজি উলিয়ায় বিভিন্ন ধৰনৰ সামগ্ৰী। এইবোৰ কৰাৰ উপৰিও পঢ়া-শুনাতো পাকৈত স্নেহা। স্নেহাৰ এনেধৰণৰ প্ৰতিভাত গৌৰৱান্বিত হৈছে পৰিয়ালৰ লোক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *