গোলাঘাটৰ দেৰগাঁওস্থিত লাচিত বৰফুকন পুলিচ একাডেমীত আয়োজিত জিলা আৰক্ষী অধীক্ষকৰ সন্মিলনত অধ্যক্ষতা কৰে।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গোলাঘাটৰ দেৰগাঁওস্থিত লাচিত বৰফুকন পুলিচ একাডেমীত আয়োজিত জিলা আৰক্ষী অধীক্ষকৰ সন্মিলনত অধ্যক্ষতা কৰে।

এই সন্মিলনত আৰক্ষীৰ কৌশলগত দিশ শক্তিশালীকৰণ, আইন-শৃংখলা অটুট ৰখা আৰু জৰুৰীকালীন পৰিস্থিতিৰ প্ৰতি অধিক সজাগ হোৱা আদি কাৰ্যসূচীক শক্তিশালী কৰাৰ বিষয়ত গুৰুত্ব দিয়া হয়।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জনমুখী আৰক্ষী ব্যৱস্থাই সুৰক্ষিত সমাজৰ অন্যতম আধাৰ। তেখেতে উচ্চপদস্থ আৰক্ষী বিষয়াসকলৰ সৈতে আলোচনা কৰাৰ সময়ত অসমৰ বাবে অধিক সুৰক্ষিত পৰিৱেশ গঢ়ি তোলাৰ লগতে সজাগতা বৃদ্ধি হ’ব বুলি আশা প্ৰকাশ কৰে।