
অভিকেন্দ্ৰ তেজপুৰৰ সমীপত।
কোৰোণা সংকটৰ কাৰণে ২১দিনীয়া লকডাউনৰ মাজতে গুৱাহাটী সহ অসমৰ কেইবাঠাইতো ভূমিকম্পই জোকাৰি যায়। দেওবাৰে নিশা প্ৰায় ১১বাজি ২২মিনিটত অসমত জোকাৰি যোৱা মধ্যম প্ৰাৱল্যৰ ভূমিকম্পৰ ৰিখটাৰ স্কেলত প্ৰাৱল্য আছিল ৪.৪। এই ভূমিকম্পৰ জোকাৰণি তীব্ৰতৰ আছিল যদিও এই পৰ্যন্ত কোনো ক্ষয় ক্ষতিৰ খবৰ অহা নাই।
The National Centre for Seismologyৰ মতে ভূমিকম্পৰ অভিকেন্দ্ৰৰ স্থান হৈছে ২৬.৪ অক্ষাংশ আৰু ৯২.৭ দ্ৰাঘিমাংশ তথা ৩৮ কিলোমিটাৰ গভীৰত। অভিকেন্দ্ৰ তেজপুৰৰ পৰা দক্ষিণে ২৩কিলোমিটাৰ নিলগত, ধিঙৰ পৰা ২৪ কিলোমিটাৰ পূৱত আৰু চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ইটানগৰৰ পৰা ১২০ কিলোমিটাৰ দক্ষিণ পশ্চিমত।