sangbad lahar logo

গুৱাহাটী পৰিবহণ বিভাগে ১৫ আগষ্টলৈ ২৫ গৰাকী শিক্ষাৰ্থীক প্ৰদান কৰিব চালকৰ অনুজ্ঞাপত্ৰ…..

গুৱাহাটী পৰিবহণ বিভাগে ১৫ আগষ্টলৈ ২৫ গৰাকী শিক্ষাৰ্থীক প্ৰদান কৰিব চালকৰ অনুজ্ঞাপত্ৰ। গুৱাহাটী পৰিবহণ বিভাগৰ নতুন আচঁনি। উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ১৮ বছৰৰ শিক্ষাৰ্থীক প্ৰদান কৰা হ’ব চালকৰ অনুজ্ঞাপত্ৰ। পথ সুৰক্ষাৰ প্ৰাৰম্ভিক জ্ঞান প্ৰদান কৰি লগে লগে প্ৰদান কৰিব চালকৰ অনুজ্ঞাপত্ৰ। গুৱাহাটী পৰিবহণ বিভাগৰ কাৰ্যলয়ে দৈনিক ২৫ গৰাকী শিক্ষাৰ্থীক প্ৰদান কৰিব চালকৰ অনুজ্ঞাপত্ৰ। অনুজ্ঞাপত্ৰৰ বাবে অগতিয়াকৈ কৰিব লাগিব অবেদন। অবেদনত বয়সৰ প্ৰমাণ পত্ৰ ,ঠিকনা , উচ্চতৰ মাধ্যমিকৰ উত্তীৰ্ণ মাৰ্কশ্বিট দাখিল কৰিব লাগিব। sarathi.parivahan.gov.in/sarathi service ত অনলাইন যোগে কৰিব পাৰিব আবেদন। গুৱাহাটীৰ বেতকুছিস্থিত “হোণ্ডা চালক কেন্দ্ৰত ” প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলি সদৰি কৰে পৰিবহণ বিষয়া গৌতম দাসে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *