যুৱতীগৰাকী গোৱালপাৰাৰ বিপ্লৱী নাথ বুলি চিনাক্ত কৰা হৈছে। আজি পুৱা ভাড়াঘৰত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় যুৱতীগৰাকীৰ মৃতদেহ
উক্ত স্থানত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত।
বিগত ১০ দিনৰ ভিতৰত ভাড়াঘৰত মৃত অৱস্থাত উদ্ধাৰ হোৱা এয়া তৃতীয়টো ঘটনা।
যোৱা ১ জানুৱাৰীত চান্দমাৰীৰ এটা এপাৰ্টমেণ্টত ৰহস্যজনক পৰিস্থিতিত ওলমি থকা অৱস্থাত পায়েল শইকীয়া নামৰ এগৰাকী যুৱতীক উদ্ধাৰ হোৱাৰ সময়তে কালি (৯ জানুৱাৰী) মহানগৰীৰ তৰুণ নগৰ স্থানীয় অঞ্চলত আন এগৰাকী যুৱতীক উদ্ধাৰ কৰে যিগৰাকী যুৱতীক উদ্ধাৰ কৰা হৈছিল পাকঘৰৰ ভিতৰত।