ভাড়াঘৰত উদ্ধাৰ হৈছে আজাৰাৰ কৰিশ্মা দাস নামৰ এগৰাকী মহিলাৰ মৃতদেহ। গুৱাহাটীত বিউটি পাৰ্লাৰত কাম কৰিছিল কৰিশ্মা দাসে। পৰিয়ালৰ অভিযোগ, স্বামীয়ে হত্যা কৰিছে কাৰিশ্মা দাসক। দুই বজাতেই পোহৰলৈ আহিছিল মহিলাগৰাকীৰ মৃত্যুৰ ঘটনা।
শুৱালকুছিৰ মিণ্টু কলিতাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল কৰিশ্মা। পৰিয়ালৰ মতে স্বামীয়ে হত্যা কৰি চূড়ান্ত সিদ্ধান্তৰ ৰূপ দিবলৈ চেষ্টা কৰিছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত।