গুৱাহাটীত বিদ্যা ভাৰতীৰ মেধাৱী ছাত্ৰ-ছাত্ৰীলৈ যুগল কিশোৰ আৰু ৰামদুলাৰী মালপানী সোঁৱৰণী মেধা বঁটা, অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠান…

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি, অসমৰ অন্তৰ্গত শংকৰদেৱ শিশু-বিদ্যা নিকেতন সমূহৰ ফলাফলে অসমৰ জনসাধাৰণৰ মাজত বিদ্যা ভাৰতীৰ আদর্শ তথা মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ গুৰুত্ব বহুগুণে বৃদ্ধি কৰিছে।অসমৰ বিভিন্ন প্ৰান্তৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক গুৱাহাটী জু-ৰোডস্থিত বিষ্ণুপথ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ৰজনীকান্ত দেৱ শৰ্মা সোঁৱৰণী সভাগৃহত শিশু শিক্ষা সমিতি, অসমৰ দ্বাৰা এক অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। বন্তি প্ৰজ্বলন আৰু মংগলাচৰণৰে আৰম্ভ কৰে ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ গংগা প্ৰসাদ প্ৰসেন , বিদ্যা পূৰ্বোত্তৰ ক্ষেত্ৰৰ সভাপতি আৰু মালপানী পৰিয়াল বৰ্গই। ড০ গংগা প্ৰসাদ প্ৰসেনৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ প্ৰস্তাৱিক ভাষণ পাঠ কৰে শিশু শিক্ষা সমিতি, অসমৰ সাধাৰণ সম্পাদক জগন্নাথ ৰাজবংশীয়ে। বিশিষ্ট অতিথিৰ ব্যক্তব্য ৰাখে অৱসৰপ্ৰাপ্ত এয়াৰ ভাইচ মাৰশ্বেল সঞ্জীৱ বৰদলৈয়ে বিদ্যা ভাৰতীৰ কৰ্মৰাজীয়ে দেশৰ মানৱ সম্পদ নিৰ্মাণত আগবঢ়োৱা অৱদানৰ শলাগ লয়। মুখ্য অতিথিৰ ব্যক্তব্য ৰাখি অসম চৰকাৰৰ উচচ শিক্ষাৰ উপদেষ্টা দেৱব্ৰত দাসে বিদ্যা ভাৰতীৰ সংস্কাৰযুক্ত শিক্ষাৰে ৰাষ্ট্ৰীয়ৰ বাবে সু-নাগৰিক গঢ়ে। সভাত শিশু শিক্ষা সমিতিৰ অসমৰ সভাপতি কুলেন্দ্ৰ কুমাৰ ভাগৱতী, সৰোজ মালপানীয়ে ব্যক্তব্য ৰাখে।গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান ৯৫% বা তাতোধিক নম্বৰ লাভ কৰা কৃতি ছাত্ৰ ছাত্ৰী, পোনপ্ৰথমবাৰৰ বাবে ১০০% উত্তীৰ্ণ নিকেতনৰ প্ৰধানাচার্যসকল আৰু ১০০%প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা নিকেতনৰ প্ৰধানাচার্যসকলক সম্বৰ্ধনা জনোৱা হয়।প্ৰচাৰ প্ৰমুখ মুকুটেশ্বৰ গোস্বামীয়ে দিয়া তথ্য অনুসৰি এইবেলি সমিতিৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ উপত্যকাত থকা ৫২৯ খন নিকেতনৰ ভিতৰত উচ্চ মাধ্যমিক পৰ্যায়ৰ ৩৩০ খন নিকেতনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অবত্তীর্ণ হৈছিল। এই পৰীক্ষাত অৱৰ্ত্তীৰ্ণ হোৱা মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৯৯৬০ জন। মুঠ উত্তীৰ্ণৰ হাৰ ৯৪.০৩%।ইয়াৰে ১৬৮ খন নিকেতনৰ ছাত্ৰ-ছাত্ৰী পূৰ্ণ শতাংশ (১০০%) উত্তীর্ণ হয়।উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল অনুসৰি মুঠ ৬৯২ গৰাকী অৱৰ্ত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ ৬৫৭ গৰকী উৰ্ত্তীণ হয়। উৰ্ত্তীণৰ হাৰ ৯৫%। মুঠ ৪৪ খন নিকেতনৰ ৩৪ খনৰ ১০০% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হয়।বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সাংগঠনিক সম্পাদক ড০ পবন তিৱাৰী, শিশু শিক্ষা সমিতি, অসমৰ সভাপতি কুলেন্দ্ৰ কুমাৰ ভাগৱতী, সম্পাদক জগন্নাথ ৰাজবংশী, সাংগঠনিক সম্পাদক নিৰৱ ঘেলানী লগতে সকলো বিষয়ববীয়া, পূর্ণকালীন কাৰ্যকৰ্তা আৰু সমূহ কার্যকৰ্ত্তাই ছাত্র-ছাত্রী সকলে দেখুওৱা সাফল্যৰ বাবে উষ্ম অভিনন্দন জ্ঞাপন কৰে আৰু তেওঁলোকৰ জীৱনৰ উত্তৰোত্তৰ প্ৰগতি কামনা কৰে।