গুৱাহাটীত আজি ৰাজস্থান আৰু কলকাতাৰ মাজত হাইভল্টেজ মেচ, সেয়েহে গুৱাহাটীত যানবাহন চলাচলত ব্যাপক সালসলনি…

নিশা ৭.৩০ৰ পৰা আৰম্ভ হ’ব হাইভল্টেজ মেচখন,অধিনায়ক হিচাপে আজি বৰ্ষাপাৰাত ৰিয়ান পৰাগৰ প্ৰথমখন মেচ|IPLৰ বাবে গুৱাহাটীত যানবাহন চলাচলত ব্যাপক সালসলনি,গুৱাহাটীত পথ নিৰ্দেশনাত ব্যাপক সাল-সলনি,দিনৰ ২ বজাৰ পৰা মাজ নিশালৈ বন্ধ থাকিব বাণিজ্যিক বাহন চলাচল,

২৬ মাৰ্চত বর্ষাপাৰা অভিমুখী সকলো পথত নিষিদ্ধ বাণিজ্যিক বাহন,BK কাকতি পথ, AK আজাদ ৰোড, AK দেৱ ৰোড,কুল কুসুম পথ, ভূপেন হাজৰিকা পথ, মৰা ভৰলু পথক লৈ নির্দেশনা,FA ৰোড, ঢপলীয়া ৰোড, বিষ্ণুপুৰ পথ, MG ৰোড,AT ৰোড, বিৰুবাৰী পথ,GMC পথ, কাহিলীপাৰা পথত দুপৰীয়া ২ বজাৰ পৰা বাণিজ্যিক বাহনৰ চলাচল বন্ধ

,খেলৰ প্ৰৱেশ পত্র থকা বাহনহে ACAলৈ আহিব পাৰিব|বিৰুবাৰীৰ ফালৰ পৰা প্ৰৱেশ পত্ৰ থকা বাহনো ACAলৈ আহিব নোৱাৰিব.মৰাভৰলু পথত কোনো বাহন চলাচল কৰিব নোৱাৰিব,গে’ট নম্বৰ ৫ আৰু ৬ৰ বাবে শ্যাম মন্দিৰহৈ আহিব পাৰিব|এবাৰ প্ৰৱেশ কৰা বাহন খেল সমাপ্ত নোহোৱা পৰ্যন্ত ওলাব নোৱাৰিব|ষ্টেডিয়ামৰ ৭ নম্বৰ গে’ট বন্ধ ৰাখিব কর্তৃপক্ষই,৭ নম্বৰ গে’টেৰে আহিবলগীয়াসকলে প্ৰৱেশ কৰিব পাৰিব 1Bৰে