sangbad lahar logo

গুৱাহাটীক স্মাৰ্ট চিটী হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত বিজেপি চৰকাৰে ব্ৰহ্মপুত্ৰ নদীমুখ প্ৰকল্প ৰূপায়ণ অব্যাহত ৰাখিছে।

আজি ইয়াৰ অংশস্বৰূপে পাণবজাৰৰ নিৰ্মাণ ক্ষেত্ৰ মুখ্যমন্ত্রীয়ে পৰিদৰ্শন কৰি কাম-কাজৰ বুজ লৈ গুণগত মানসম্পন্ন নিৰ্মাণেৰে প্ৰকল্পটি সময়মতে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে। তদুপৰি কাৰ্যকৰী সংস্থাৰ সৈতে আলোচনা কৰি নিৰ্মাণ ক্ষেত্ৰৰ গোটেই দৃশ্যপটৰ এক সংহত সমতা বজাই ৰাখি আকৰ্ষণীয় ৰূপত গঢ় দিবলৈ নিৰ্দেশনা প্ৰদান কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই।

পৰিদৰ্শনকালত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কেবিনেট মন্ত্রী অশোক সিংহল, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব কবিতা পদ্মনাভন উপস্থিত থাকে।

Related Articles