
নিশা প্রদীপৰ আলোকত দৃষ্টিনন্দন পৰিবেশ । মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰ গুৰুৰ ৫৭৩ সংখ্যক আৰ্বিভাৱ মহোৎসৱ তেৰাৰ জন্মভূমি বটদ্রৱাত উখল মাখল পৰিৱেশ সৃষ্টি হৈছে। শুক্ৰবাৰে পুৱা তাল কোবোৱা প্রসংগ, মঞ্জিৰা নাম, আইসকলৰ নাম, পুৱা প্রসংগ, ডেৰপৰীয়া প্ৰসংগ আদি বিভিন্ন পৰম্পৰাগত কাৰ্যসূচীৰ মাজেৰে শংকৰদেৱৰ জন্ম জয়ন্তী উদযাপন কৰাৰ লগতে নিশা বটদ্রৱা থান আৰু শলগুৰি, নৰোৱা সত্রৰ প্রতিঘৰ গৃহষ্ঠৰ পদূলিয়ে পদূলিয়ে জ্বলি উঠা হেজাৰ হেজাৰ প্রদীপৰ পোহৰত দৃষ্টিনন্দন হৈ পৰে গুৰুজনাৰ জন্মধাম। ইফালে নিশাও সত্ৰৰ ৰাইজে নাম প্ৰসংগৰে আকাশ বতাহ মুখৰিত কৰি তোলে।