sangbad lahar logo

গুৰুজনাৰ স্মৃতি বিজড়িত কোবাইকটা সত্ৰত দুই ফৈদৰ মাজত সংঘাত…

শ্ৰী শ্ৰী কোবাইকটা সত্ৰ বেদখলমুক্ত আৰু পুনৰুদ্ধাৰৰ দাবীত দেওঁবাৰে বিশ্ব হিন্দু মহাসংঘই আয়োজন কৰা অৱস্থান কাৰ্যসূচীত ঘটিলে এই অথন্তৰ। তৰ্কাতৰ্কিৰ লগতে উপক্ৰম হয় হতাহতিৰো। বিগত কেইবাদিন ধৰি কোবাইকটা সত্ৰক লৈ দুই ফৈদৰ মাজত বিতৰ্কৰ সূত্ৰপাত হৈ আহিছিল।একাংশৰ মতে আই সতী ৰাধিকাৰ জন্মস্থান এই ঐতিহ্যমণ্ডিত সত্ৰখন । আন একাংশৰ মতে , দামোদৰ দেৱৰ জন্মস্থান । ইয়াকে লৈ ন্যায়ালয়ৰ দ্বাৰস্থ হয় দুই ফৈদ। কিন্তু দেওঁবাৰে বিশ্ব হিন্দু মহাসংঘৰ কাৰ্যসূচীত দামোদৰ দেৱৰ জন্মস্থান বুলি উল্লেখ কৰাত আনটো ফৈদ ক্ষুন্ন হৈ পৰে। এই ধৰ্না কাৰ্যসূচীত উপস্থিত থকা দক্ষিনপাট সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ লগতে দামোদৰ দেৱ পন্থীৰ একাংশ লোকৰ লগত তৰ্ক বিতৰ্কৰ সূত্ৰপাত হোৱাৰ লগতে হতাহতিয়ো হয়। অৱশেষত , আৰক্ষীয়ে নিয়ন্ত্ৰন কৰে সমগ্ৰ পৰিস্থিতি ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *