গান গালেই শিল্পী নহয়……….

বোকামাটিৰ সান্নিধ্যেৰে শইচৰ জীৱনৰ বাট প্ৰশস্ত হয়। বৰষুণ মাটিৰ আপোন সুহৃদ, বৰষুণৰ অবিহনে মাটিয়ে জীৱনক বিশাল কৰিব নোৱাৰে সেউজীয়াৰ বিপুল বৈভবেৰে। বৰষুণ নহ’লে নদীৰ প্ৰগতিৰে সাগৰত বিলীন হোৱাৰ গতি স্তব্ধ হৈ যায়। প্ৰকৃতিৰ এই বিৰল জীৱনকালেই মানুহৰ পৃথিবীক অনেক কথাই নিৰন্তৰ চকুক বিকশাই ৰাখিছে।
সমাজ ধাৱিত হয় সংস্কৃতিৰ বাটেৰে। সেই বাটক গঢ়ি উঠে মানুহৰ সভ্যতাৰ শিল্পকলা। শিল্পী সমাজৰ অন্যতম বাখৰসচিত স্বৰ্গমাত। তেওঁলোকৰ চাল-চলন, কথা-বতৰা, সাংস্কৃতিক জীৱনবোধে সমাজক দিয়া সভ্যতাৰ বিজ্ঞান মাতটো হিমালয়সম ওখ, প্ৰশান্তৰ দৰে গভীৰ, বৰলুইতৰ জীৱনৰ দৰে অনেক সংস্কৃতিৰ সমাহাৰ।
শেহতীয়াকৈ বহাগ বিহুক কেন্দ্ৰ কৰি নিজকে শিল্পী বুলি দাবীকৰা কোনো কোনো গায়ক-গায়িকাৰ ব্যৱহাৰে আমাক ভবাই তুলিছে যে সংস্কৃতিৰ নামত আমি ক’লৈ গৈ আছো? বহা’গ অসমীয়া জাতিৰ সাহ। ই বেপাৰৰ মঞ্চ নহয়। এগৰাকী গায়িকাই সমুখৰ অজস্ৰ জনতাক চিঞৰি চিঞৰি কৈছে ‘আপোনালোক জন্তু নেকি’? অন্য এগৰাকী গায়িকাই আকৌ সাংস্কৃতিক অনুষ্ঠানৰ ঘোষকজনকেই মঞ্চলৈ মাতি আনি ৰাজহুৱাকো অপমান কৰিলে। এয়া সংস্কৃতিৰ নামত তেওঁলোকৰ জীৱনৰ অপসংস্কৃতিৰ শব্দৰ বোকা। বিশাল জনতাৰ সন্মুখত তেওঁলোকৰ এনে ব্যৱহাৰে জাতীয় উৎসৱ ৰঙালী বিহুত বেসুৰা কৰি বিপদৰ দিশেৰে যাবলৈ উৎসাহ যোগালে। মদ খাই মঞ্চত গীত পৰিবেশন কৰা, নৃত্য কৰা শিল্পী বুলি এইসকলে যি ধৰণৰ ৰূপেৰে মঞ্চখনক ব্যৱসায় কৰিছে সিয়ে জাতিৰ চৰিত্ৰক নিঃশেষ কৰিবলৈ বৰ বেছি দিন নালাগিব।
সুধাকণ্ঠ ভূপেন হাজৰিকাই তেওঁৰ শ্ৰোতা জনতাক কৈছে ‘মোৰ গীতৰ হাজাৰ শ্ৰোতা, তোমাক নমস্কাৰ, গীতৰ সভাত তুমিয়েতো প্ৰধান অলঙ্কাৰ’। এয়া মাটিৰ মূল্যক জীৱনৰ ধীমান গৰিমা কৰি জনতাক মূৰৰ মুকুট পিন্ধোৱা শিল্পীৰ সংজ্ঞা। সেই সংজ্ঞাৰ নাম ভূপেন হাজৰিকা। আমাৰ জাতীয় জীৱনৰ আয়ুস ৰেখাক চিকুণাই, মলিয়ান বস্ত্ৰক পেলাই সাহসৰ বৰদৈচিলাক সাৱটি, অসমীয়াৰ পৰিচয় নাপাহৰি প্ৰতিক্ষণতে লাচিত, মূলা, শংকৰ, মাধৱ, জ্যোতি, বিষ্ণু ৰাভাক জিলিকাই ৰখা ভূপেন হাজৰিকা পৃথিবীৰ কহিনুৰ। সেই কহিনুৰৰ পোহৰকো চিনিব নোৱাৰা এচাম গায়ক-গায়িকাই বহাগক কেৱল ধন ঘটাৰ মঞ্চ কৰি তুলিল। অনেক বিহু সমিতিয়ে এই ক্ষেত্ৰত তেওঁলোকক সহায় কৰি বিহুৰ প্ৰকৃত গৰিমা, কৃষক ৰাইজৰ লগত থকা সম্বন্ধ, নৃ-গোষ্ঠীয় সম্ভ্ৰান্ত সংস্কৃত সম্পদেৰে প্ৰয়োভৰ বিনন্দীয়া বিহুটোক সস্তীয়া আৰু বেপেৰুৱা কৰি পেলোৱা বাটত ধাৱিত হৈছে।
বিহু মঞ্চসমূহত উপস্থাপন কৰা গায়ক-গায়িকাৰ (সকলো নহয়) উন্মাদ নৃত্য, সংযমহীন কথা-বতৰাই আমাৰ জাতীয় উৎসৱৰ মাটিৰ সাংস্কৃতিক পৰিভাষাটোকেই বিকলাঙ্গ কৰি তুলিছে। মদমত্ত একাংশক কিছু গায়ক-গায়িকাই উদ্দাম নৃত্য কৰিবলৈ বাধ্য কৰোৱা বিৰক্তিকৰ অসংযত চিঞৰৰ বাটেৰে তেনে গায়ক-গায়িকাই মানুহক সমাজৰ ভেটি নিৰ্মাণ কৰিবলৈ সাহস দিব নোৱাৰে।
শিল্পীৰ জীৱনবোধত ঠন লোৱা মাটি মৰ্যদাই মানুহক মানুহৰ অমল উৎসৱলৈ টানি নিবলৈ গৱেষণা লুব্ধ চেতনাৰ বাটটোক ভূপেন দাৰ জীৱনৰ পৰা শিকিব পাৰিলে আমাৰ বাঞ্চিত সমাজ জীৱনৰ পৃথিবীৰ দিগন্তক ডিঙি মেলি চাব পাৰিব। শিল্পীৰ জীৱন শক্তিয়েই মানুহক সংকটৰ বাটেৰে প্ৰত্যাহ্বানক উফৰাই আহ্বানক সাৱটি ঐতিহ্য, ইতিহাসৰ ভূমিৰে শৰাইঘাট, আলৈবৈ, খেলমাটি, ইটাখুলি, মৰনৈ, হাদিৰাচকীৰ শোকগাঁথাক চাবলৈ শিকায়। সেই শোকগাঁথাক সাৱটিয়ে নতুন পুৰুষে জাতীয়তাবাদক অৰ্থনৈতিক জাতীয়তাবাদলৈ ৰূপান্তৰ কৰি চাবলম্বীতাৰ স্বাভিমানৰ পতাকাখন তুলি ধৰাৰ সাহস পায়। শিল্পীৰ গায়কীয় কথকচেতনা, অৰ্থঘন মানুহৰ মূল্য, সমাজৰ গতিবেগ ধৰিবলৈ তেওঁলোকৰ সৃষ্টিৰ কৃষ্টিয়ে প্ৰেৰণা দিয়ে।
জ্যোতি ককাইদেৱে যথাৰ্থতে কোৱা শিল্পী মই তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ আৰু ভৱিষ্যতৰ। ইয়াতেই লুকাই আছে সমাজৰ বিৱৰ্তন, আৱৰ্তন, সংৱৰ্দ্ধনৰ ৰূপান্তৰৰ বাটেৰে পৰিবৰ্তনৰ বিনন্দীয়া মানুহৰ সমাজ। ঠুনুকা ভোগবাদত আড়স্ত শিল্পী নেতা বা সমাজ সংগঠকৰ হাতত সমাজৰ মেৰুদণ্ডই পোন হৈ থাকিব নোৱাৰে। ৰঙ মাটিৰ মৰ্ম চেতনাৰ গৰ্ভত ৰপ্ত জীৱনৰ সেউজীয়া শব্দেৰে জাতিৰ প্ৰতিমাক বাকপ্ৰতিমা কৰা অদম্য ঈস্পিত শক্তি, প্ৰজ্ঞাৰ আকাংশাৰে বুটলি আনি মাটিৰ মৰ্যদাক মানুহৰ হৃদয়ে হৃদয়ে সাহিত্য, সংস্কৃতিৰ মণিকূট যিয়ে গঢ়িব পাৰে তেৱেঁই শিল্পী, শিল্প, মৌলিক ৰঙেৰে প্ৰসিদ্ধ বুঢ়া লুইত সম গভীৰ দুৰন্ত শক্তিৰ আঁকৰ।
ৰাজীৱ শদিয়াৰ জীৱনকাল সেই প্ৰদীপ্ত আঁকৰৰ দুৰন্ত স্ফুলিংগ। যাৰ কথা, কাম, জাতীয় চেতনা, মানৱীয় মূল্যবোধ, ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে সৱল প্ৰতিবাদ আৰু তেওঁৰ গীতত উৎজীৱিত প্ৰতিটো শব্দ মাটি উন্মোষ একোটা সেউজীয়া বীজ। সেই বীজক জাতিৰ চৰিত্ৰ গজে। জাতিৰ ৰাজহাড় পোন হয়। সেয়েহে তেওঁৰ মৃত্যুত মানুহৰ পাৰ ভঙা হাজাৰ গণ সমুদ্ৰৰ জোৱাৰে চিঞৰি চিঞৰি কৈ গ’ল শিল্পীৰ সংজ্ঞা কিমান গভীৰ, বিশাল, বৰ্ণিল আৰু অমিতাভ চেতনাৰ বে-নজীৰ আকাশ।
আমাৰ জাতীয় জীৱনৰ সাংস্কৃতিক মূল্যবোধক চিনি নোপোৱাকৈ অনেকেই নানান ৰঙৰ অভিনয় কৰে। এই অভিনয় জীৱন্ত হৈ থাকে সেই সকলৰ জীৱনত যি সকলে সুবিধাৰ বাটেৰে জাতিক প্ৰতাৰণা কৰে। ৰাজীৱ শদিয়াৰ জীৱনত এনে শিৰোনামা নাছিল। দুখ, যাতনা, সমস্যা, বিপদৰ মাজতো তেওঁ তেওঁৰ কণ্ঠক কাৰো ওচৰত বিক্ৰী কৰা নাছিল। অসমৰ বাস্তৱ জীৱন কালক জাতিয়ে ভোগ কৰা নানান দুৰ্গতিক সঁচা অন্তৰেৰে তেওঁ হৃদয়গংম কৰিছিল। নৃ-গোষ্ঠীয় মানুহৰ জীৱন চেতনাই বৃহৎ অসমীয়া জাতিৰ জীৱনচেতনাৰ প্ৰবাহ। এই সত্যক তেওঁ আখৰে আখৰে বুকুত স্থাপন কৰি লৈছিল।
দুখ আৰু পৰিতাপৰ বিষয় যে, জীৱিত কালত অসমীয়া জাতিয়ে ৰাজীৱ শদিয়াক স্বীকৃতি নিদিলে। এই বিষয়ত তেওঁৰ কোনো আক্ষেপো নাছিল। এটা সাক্ষাতকাৰক তেওঁ কৈছিল মোক সেই সকলে জানে যিসকল জাতীয়তাবাদী ৰঙেৰে উদ্ভাসিত হৈ জাতিৰ প্ৰাণত জীৱন্ত হৈ আছে।
আমাৰ ধীমান, কৃতধী, বৰণ্য জ্যোতি ককাইদেউ, ৰাভা দেউ, ভূপেন হাজৰিকা তাৰোপূৰ্বে ঈশ্বৰ পুৰুষ শংকৰ গুৰু, বৰাৰ পো মাধৱ দেৱ আদি অনেকে জীৱনৰ শলিতা পুৰি পুৰি জাতিৰ জীৱন জিলিকাবলৈ কৰা কাম অনন্য ৰূপতেই অদ্বিতীয়। লাচিত বৰফুকনে শৰাইঘাটত দিয়া জাতিৰ জীৱন চিনি নাপালে জাতিটো বিকলাঙ্গ হ’ব। শিল্পীৰ আপোচহীন জাতীয় চৰিত্ৰ মাটিৰ মৰ্যদাৰে পথাৰৰ জীৱন সত্তাক জীপাল কৰি জাতীয় জীৱনৰ ভোগ নিৰ্বাপণৰ বাবে বহাগে মেলি দিয়া পথাৰৰ বুকুখন কৃষকৰ বাটেৰে সেউজীয়া কৰাৰ চেতনা থাকিব লাগিব। সেয়া আমাৰ সভ্যতাৰ হ’ব লুইতৰ সংস্কৃতিৰ সভ্যতা। কামাখ্যা মন্দিৰৰ আধ্যাত্মিক অতনুমাত। ৰঙঘৰৰ বুকুৰে শংকৰদেৱ কলাক্ষেত্ৰৰ উৎসাহ উৎফুল্লিত জীৱন। চ্যাওলাং চুকাফাৰ বৰ অসমৰ স্নেহ আছিল তেওঁৰ হৃদয় প্ৰান্তৰ নব্য পাহাৰ পৰ্বতৰ পানী লুইতলৈ দুৰন্ত গতিত বোৱাই অনাৰ জলপ্ৰপাত। আমাৰ নতুন প্ৰজন্মক এনেবোৰ চেতনালব্ধ মাটিমণিৰ উৎসৱেৰে গায়ক-গায়িকাসকলে সুবিধাবাদী, ভোগবাদী, ক্ষমতালোভী মানুহক দিব লাগিব পৰাজয়ৰ নতুন শিক্ষা।
কিছু দিব লাগে কিছু ল’ব লাগে জীণ যাবলৈ হ’লে। সমাজক মেলাবলৈ, সমদলেৰে খোজকাঢ়িবলৈ মিলিব মিলাব লাগিব বুলি ৰবীন্দ্ৰ নাথে কৈছিল। ভূপেন দাই গাইছিল ‘আন্ধাৰৰ ভেঁটা ভাঙি প্ৰাগজ্যোতিষত মই জেউতী নিজৰাৰে ধাৰ’। এই কথাবোৰক আজিৰ নকৈ শিল্পী বুলি দাবী কৰা (অনেকে) অনুধাৱণ নকৰি তেওঁলোক শ্ৰোতা জনতা আৰু জাতিতকৈ উৰ্দ্ধত বুলি বিকাশ কৰা মনোভংগীয়েই তেওঁলোকৰ পটনৰ কাল হ’ব। বিহু আমাৰ গণজীৱনৰ প্ৰগতিৰ সভ্যতাৰ সমদল। পথাৰৰ উৎসাহৰ মনোৰম বিনন্দীয়া দৃষ্টিনন্দন উৎসৱ। আমাৰ বিহু হেজাৰ হেজাৰ বছৰৰ নৃ-গোষ্ঠীয় মানুহৰ সম্ভ্ৰান্ত সংস্কৃতিৰ মৌ মাতৰ পলসবোৰ জমা হৈ হৈ সৃষ্টি হৈছে আমাৰ জাতীয় উৎসৱ। এই উৎসৱ আলপাইন, মংগোলীয়, অষ্টিক, আৰ্য-অনাৰ্য সংস্কৃতিৰ সংমিশ্ৰিত চৰিত্ৰ দৰ্শণৰ নান্দনিক, ছান্দসিক জীৱনবোধৰ দিপ্তমান বিশাল আকাশ। বিহুৰ সাংস্কৃতিক মাটিমূল্য জীয়াই ৰাখিবৰ কাৰণে কৃষকৰ আশা, প্ৰত্যাশা, প্ৰত্যয়ৰ বাটেৰে বিহুক লালন পালন কৰাৰ কামটোক সৰ্বত্ৰ বিকাশ নহ’লে বিহু জাতীয় উৎসৱৰ পৰিবৰ্তে সাংস্কৃতিক অনুষ্ঠানলৈ ৰূপান্তৰ ঘটিব। বিহু এনেকৈ বিকলাঙ্গ হ’লে জাতীয় জীৱন ক্ষীণাব। কপৌ ফুল আহে বহা’গ বিহুত কলকতাৰ পৰা। গামোচা আহে চেন্নাই, গুজৰাট, আহমেদাবাদৰ পৰা। ফলত আমি সাংস্কৃতিকভাবে দেউলীয়া হোৱাৰ লগতে অৰ্থনৈতিকভাবে পংগু হৈ আমাৰ অৰ্থনৈতিক বীজটো আনৰ বহতীয়া হৈ পৰিব। তাঁত শাল দ্ৰুতগতিত কমিছে। গামোচা প্ৰসংগতে কবি নলিনীবালা দেৱীয়ে লিখিছিল ‘বিহু নৌ আহোতেই কাটিব লাগিব তাঁত, বিহু চেঁৰা শাল হেনো অমঙ্গলীয়া’ । ভূপেন দাই কাহানীতে কৈছিল ‘মূৰৰ ফুলাম গামোচাখনি ক’ৰবাৰ শেনে আহি নিলেহি টানি’ । আকৌ গাইছিল ‘বহা’গ মাথো ঋতু নহয়… বহা’গ এখনি সৃষ্টিৰ দলিল সূৰুযৰ জ্যোতিত হোৱা’ ।
এয়া জাতিক জগাই তোলা, সকীয়াই থকা বৰদৈচিলাৰ গতি। সেই গতিক এতিয়া আমি দুৰন্তভাবে অৱহেলা কৰিছো বাবেই ঘৰত নোহোৱা হ’ল তাঁতৰ শাল, হেৰাল পথাৰৰ নাঙল মৈ, দুৰন্ত গতিত গোঁহালিৰ পৰা নোহোৱা হ’ল সাহসৰ গৰু হাল। ইয়াৰ পৰিবৰ্তে বহুজাতি কোম্পানীৰ গোলকীয় ৰাগীত ভাৰাক্ৰান্ত হৈ বিহু মঞ্চক সস্তীয়া জীৱনলৈ ৰূপান্তৰ কৰি মঞ্চত অসহিষ্ণুতাৰ জলবায়ু বিয়পাই দিয়া হৈছে।
সংগীতৰ ভাষা মানেই মানুহৰ প্ৰগতিৰ মূল্যবোধক দুৰন্ত কৰি ঐক্য, সম্প্ৰীতিৰ এনাজৰিৰ ৰঙক প্ৰসৰ কৰা, জীপাল কৰা। সংগীতে কোনো ভৌগলিক সীমা ৰেখাক নামানে। সেই কাৰণেইটো পলৰবচন, ভূপেন হাজৰিকা, লতা মংগেচকাৰ পৃথিবীৰ সংগীতৰ চিনাকী চৰিত্ৰ। মৌমিতা মিত্ৰৰ সংগীতৰ মানৱ মূল্যৰ বুদ্ধচেতনাই মাটিক প্ৰলুব্ধ কৰি হৃদয়ৰ বাটেৰে জীৱনৰ সন্ধান কৰি সমাজক সাংস্কৃতিক ভাবে চাবলৈ শিকাইছে। অসমত মৌমিতা মিত্ৰই তেওঁৰ একক আৰু অনন্য গায়কীয় মৰ্যদাৰে আমাৰ সংগীতক যি মূল্যবান দিছে মননশীল আৰু পৰিশীলিত মানুহক সংস্কৃতিৰ নতুন বাটৰ উন্মেষ জন্মাইছে। একাংশ শিল্পী আৰু লোকে মৌমিতা মিত্ৰক বংগৰ কন্যা বুলি, বহিঃৰাগতৰ শিৰোনামাৰে নস্যাৎ কৰিব বিচৰা যতন শ্লেষপূৰ্ণ আৰু অতি দৃষ্টিকটু।
তেওঁ অসমীয়াৰ বোৱাৰী। আমাৰ সম্পদ। সামাজিক মাধ্যমত তেওঁ অসমীয়া শিল্পী পেটৰ ভাত কাঢ়ি খাইছে বুলি চিঞৰ বাখৰ দেখিছো। অসমৰ বাহিৰৰ এজন শিল্পীয়ে যদি অসমত এনে ভূমিকা লয় অসমৰ শিল্পীসকলৰ অৱস্থা কি হ’ব?
এই সকলে জনা উচিত জজ বেকাৰে ‘চামেলী মেমচাহাব’ কথা ছবিত অভিনয় কৰোতে সেই সমকালৰ অসমৰ কোনো অভিনেতা, অভিনেত্ৰী, শিল্পী, সাহিত্যিকে জজ বেকাৰৰ বিৰোধীতা কৰা নাছিল। কৰাটো উচিতো নহয়। কাৰণ তেওঁলোকে জানিছিল অভিনয়ৰ শিল্প প্ৰতিভা, সংগীতৰ জীৱন পুখুৰীৰ পানীত আৱদ্ধ হৈ নাথাকে। শিল্পী পৃথিবীৰ সমাজৰ মানুহৰ বৈভৱ।
কল্পনা পাটোৱাৰী সমগ্ৰ ভাৰতবৰ্ষত স্বমহিমাৰে সমাদৃত। তেওঁৰ বিৰুদ্ধে অনা অসমীয়া বহিঃ ৰাজ্যৰ কোনো শিল্পীয়ে কেতিয়াও ক’তো আমাৰ মৌমিতা মিত্ৰক কৰাৰ দৰে ফটুৱা জাৰি কৰা নাই। ভূপেন হাজৰিকাক যেতিয়া অসমত অপমাণ কৰা হৈছিল তেতিয়া ভূপেন দাই বংগলৈ গৈ বৃহত্তৰ বঙালী সমাজৰ সংস্কৃতিৰ মাটিৰপ্ত বীজ বুটলি বংগক জীৱনৰ অনন্য আলয় কৰিছিল। কোনো বঙালী গায়ক, শিল্পী, অভিনেতাই ভূপেন দাক অপমাণ কৰাটো দূৰৰে কথা বৰং বুকুৰ সৰু বৰ বলুকা মেলি তেওঁলোকৰ সমাজ জীৱনৰ ডঁৰিয়লিয়ে ডঁৰিয়লিয়ে ভূপেন দাক বঙালী সমাজৰ সমষ্টিগত ব্যক্তিত্বৰ ওখ হিমালয় কৰিলে। জুবিন গাৰ্গ, পাপন মহন্ত, জয়াশীল, ৰূপম ভূঞা… আদি অনেক অসমীয়াই ভাৰতৰ বিভিন্ন প্ৰান্তত স্বমহিমাৰে অসমীয়াৰ স্বাভিমান জিলিকাই আছে। ভাৰতকণ্ঠ দেৱজিত চাহাই আমাৰ বুকুৰে মহাভাৰতৰ সংগীত আকাশক জয় কৰোতে ক’তো কোনো প্ৰান্ততে দেৱজিতক লৈ অসন্তোষ দেখা নাছিলো।
বেনাৰচ বিশ্ববিদ্যালয়ত নটৰাজ শিৱৰ অনন্য নৃত্যেৰে কলাগুৰু ৰাভা দেৱে দেখুৱা অসমৰ মাটিৰ সংস্কৃতিয়ে সমগ্ৰ ভাৰতবৰ্ষক প্ৰলোভিত কৰিছিল। তেওঁৰ সেই নৃত্য আছিল ভাৰতৰ সংস্কৃতিৰ ডবাৰ শব্দ, তাল-খোলৰ নৃত্যৰ সমাহাৰৰ মহাকাব্যনৃত্য।
ওপৰত উল্লেখ কৰা আমাৰ স্ব-মহিমা আৰু গুণেৰে সমৃদ্ধ শিল্পীসকলে যদি ভাৰতৰ অন্যান্য প্ৰান্তত নিজৰ প্ৰতিভাৰে ভাৰতৰ সাংস্কৃতিক ভোটাতৰা হ’ব পাৰে, তেন্তে মৌমিতা মিত্ৰক লৈ এই বিষোদগাৰ কিয় ? তেওঁ অসমীয়াৰ বোৱাৰী হোৱাৰ পিছতো বহিৰাগত বুলি ইতিকিং কৰা কথা-বতৰাৰ মাজত সোমাই থকা অৰ্থনৈতিক দিশটোৱে এচাম অসমৰ লোকক চিন্তান্বিত কৰি তুলিছে । মৌমিতা মিত্ৰই গীত পৰিবেশন কৰিছে । অসমীয়া ভাষাটো শিকিছে । ভূপেনদাই কোৱাৰ দৰে মোৰ আইক ভাল পাও বুলি ক’লে আনৰ আইক জানো ঘীণ কৰাটো বুজাব ? মৌমিতাৰ ক্ষেত্ৰত অসহিষ্ণুতা, ঘৃণা, অপযশ, অপবাদ, অপমানৰ বতাহজাক ইমান বেগেৰে কিয় বোৱাব বিচৰা হৈছে ?
গাৰ বৰণ, লিঙ্গ, সম্প্ৰদায়, জাতি, ধৰ্ম, ভাষাক জয় কৰি সংগীতে মানুহৰ মুক্তিৰ কথাৰে বিশ্ববাসীক দাপোন দেখুৱায় । সেই দাপোন সমাজৰ, গণমানসৰ সমষ্টিগত চেতনাৰ স্বচ্ছ, স্বাভিমানী, স্বাৱলম্বনৰ দলিল হ’ব নোৱাৰিলে এচাম সংস্কাৰহীন, ঠেক মনোবৃত্তিৰে জীৱনক বিকলাঙ্গ কৰি সমাজক নগ্ন কৰা মানুহৰ হাতত অনাগত দিনবিলাকতো অনেক মৌমিতা মিত্ৰ অপমানিত হ’ব লাগিব । অসমৰ শিল্পীসকলক লৈ যদি ভাৰতৰ অন্যান্য প্ৰান্তত মৌমিতা মিত্ৰৰ ব্যৱহাৰৰ দৰে ব্যৱহাৰ হয় তেন্তে আমি কাক দোষাৰূপ কৰিম ?
ভূপেনদাই ক্ষোভত যে গাইছিল- কোনোবাই মোক হেনো মদাৰেৰে ৰিজালে, আমাৰ দৰে লোক হেনো কামে কাজে নালাগে । সেই কামে কাজে নলগা মানুহজন ভাৰতৰত্ন হ’ল । পৃথিৱীৰ অমিতাভ সংস্কৃত মৰ্যদাৰ বিৰল চৰিত্ৰ হ’ল । তেওঁ যদি অসমতে থাকি গ’ল হেঁতেন, যুৱতী অনামিকা গোস্বামী আৰু প্ৰশান্ত দাসৰ বিবাহক নস্যাৎ কৰিব খোজা সেই টেটুচেপা মানুহ, ধৰ্মৰ ব্যৱসায় কৰা, জাতিৰ অহংকাৰক লয় কৰিব খোজা, হৰিজন, পাহাৰী, হিন্দু, মুছলিম, বড়ো, কোচ, চুতীয়া, কছাৰী, আহোমৰ অন্তৰবোৰত বিষাক্ত বিহ ঢলা মানুহৰ চিঞৰে আমাক দিশহাৰা কৰি সাম্প্ৰদায়িক উত্তেজনাৰে জুই জ্বলি চাই হোৱা ঘৰবোৰৰ ভেটিৰ ওপৰেদি পোৰা মঙহৰ মৃতদেহবোৰ তুলি থাকিবলৈ বাধ্য কৰিব । এনে পৰিবেশ নিঃশেষ হ’বই লাগিব । যি সংগীতে জীৱনৰ বাটেৰে প্ৰগতিৰ পতাকা তুলি সমবেত কৰে জাতিকুল নেওচি গনশক্তিক সেই শক্তিক প্ৰণাম জনাবই লাগিব । সেই শক্তিৰ বাবেইটো ভূপেনদাই তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সন্মুখত “বিস্তাৰ হে অপাৰ, প্ৰজা দোনো পাৰ কৰে হাহাকাৰ, নিঃশব্দ সদা….. অ গংগা তুম বেহতি হো কিউ” গীত পৰিবেশন কৰি প্ৰায় বন্ধ হ’বলৈ অগ্ৰসৰ হোৱা ভাৰতৰ প্ৰথমটো ডিগবৈ তেল শোধানাগাৰক জীৱনৰ প্ৰগতিৰ সঞ্জীৱনিৰ পানীৰে ধাৱমান কৰিলে । এনে দৃষ্টিনন্দন, নান্দনিক, ছন্দোৱদ্ধ, ছান্দসিক শিল্প সংস্কৃতিৰ দেৱদূত, দেৱীসকলক আদৰি আনোতে আমি এৰি থৈ আহিব লাগিব ভৌগোলিক সীমাৰেখাৰ ভূচিত্ৰাৱলীৰ একা-বেকা ৰেখাবোৰক। দুচকুত দেখা সংগীতৰ পোহৰবোৰেৰে হৃদয়ৰ অন্ধগলিত বিৰাজমান কাঁইটীয়া চিন্তা চেতনাৰ উদজান বাৰুদৰ লেতেৰা ভয়লগা উশাহবোৰ নিঃশেষ কৰাৰ কাম মননশীলভাবেই কৰিব লাগিব ।
ভ্ৰাম্যভাষ- ৮৮২২৩-০৩৯০৬

ডo নন্দ সিং বৰকলা