গাঁও পঞ্চায়তৰ গঠনক লৈ পালেংবাৰীত উত্তেজনাময় পৰিস্থিতি ৰাইজক বিজেপিৰ সপক্ষে বুজাবলৈ গৈ ৰাইজৰ ক্ষোভৰ বলি হ’ল দেৱজিত ৰাজবংশী….

গাঁও পঞ্চায়তৰ গঠনক লৈ পালেংবাৰীত উত্তেজনাময় পৰিস্থিতি।ৰাইজক বিজেপিৰ সপক্ষে বুজাবলৈ গৈ ৰাইজৰ ক্ষোভৰ বলি হ’ল পালেংবাৰী গাঁও পঞ্চায়তৰ সদ্যবিজয়ী বিজেপি দলৰ সদস্য (কাউন্সিলৰ) দেৱজিত ৰাজবংশী।পালেংবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ১নং পালেংবাৰীত পালেংবাৰী আঞ্চলিক পঞ্চায়তৰ সদস্য পদত সদ্যবিজয়ী বিজেপি দলৰ সদস্য (কাউন্সিলৰ) দেৱজিত ৰাজবংশীৰ লগত পালেংবাৰীৰ ৰাইজৰ তীব্ৰ বাক বিতণ্ডাৰ লগতে হতাহতি পৰ্যন্ত সংঘটিত হয়। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি অভয়াপুৰীৰ পৰা নিজৰ প্ৰমাণপত্ৰ লৈ উভতি আহি বিজনীৰ মা কালি হোটেলত ভাত খাবলৈ সোমাৱতেই দুগৰাকী ৱাৰ্ড মেম্বাৰ সদ্য বিজয়ী ৫ নং পাটকাটাৰ কৃষ্ণা বৈশ্য আৰু ৩ নং পাটকাটাৰ বিজয় দেবনাথক দেৱজিত ৰাজবংশীৰ নেতৃত্বত অহা BJP RSS ৰ এটা দলে পালেংবাৰী পঞ্চায়ত গঠনৰ উদ্দেশ্যেৰে জোৰকৈ গাড়ীত উঠাই লৈ গুছি যায়। 

সেই কথা জানিব পাৰি পালেংবাৰীৰ ৰাইজ উত্তেজিত হৈ পৰে আৰু ১ নং পালেংবাৰীৰ খেলপথাৰত মিলিত হৈ ইয়াৰ প্ৰতিবাদ কৰে। পাছত সেই বিষয়ত ৰাইজে দেৱজিত ৰাজবংশীক প্ৰশ্ন কৰাত দেৱজিত ৰাজবংশীয়ে ৰাইজৰ আগত বিজেপিৰ সপক্ষে ওকালতি কৰাৰ লগতে তৰ্কা তৰ্কি লিপ্ত হয় আৰু উত্তেজিত ৰাইজৰ লগত কাজিয়া হোৱাৰ উপক্ৰম হয়। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত এক উত্তেজনাই বিৰাজ কৰি আছে। নিৰ্বাচনোত্তৰ হিংসাত এক উত্তেজনাময় পৰিস্থিতিয়ে বিৰাজ কৰিছে সমগ্ৰ পালেংবাৰী অঞ্চলত। অৱশ্যে ৰাইজৰ এই অভিযোগ মিছা বুলি মন্তব্য কৰিছে দেৱজিত ৰাজবংশীয়ে।