sangbad lahar logo

গহপুৰ ডাঠকলাতো গোৰ্খা সম্প্ৰদায়ৰ লোক সকলৰ মাজত উদযাপিত হৈছে তীহাৰ উৎসৱ।

গোৰ্খা সম্প্ৰদায়ৰ কৃষি ভিত্তিক উৎসৱ তীহাৰ। পাঁচ দিনীয়াকৈ উদযাপিত হয় এই তীহাৰ উৎসৱ। গহপুৰ ডাঠকলাতো গোৰ্খা সম্প্ৰদায়ৰ লোক সকলৰ মাজত উদযাপিত হৈছে তীহাৰ উৎসৱ।তীহাৰ উৎসৱ উপলক্ষে পৰম্পৰা অনুসৰি গহপুৰ ডাঠকলাত ঘৰে ঘৰে চলিছে দেউচি-ভইলি গোৱাৰ পৰ্ব। ডাঠকলাৰ যুৱক-যুৱতী সকলে পৰম্পৰা ৰক্ষা কৰি ডেউচি-ভইলি পৰিৱেশন কৰি সেৱা লৈছে জ্যেষ্ঠ জনৰ পৰা।গোৰ্খা সম্প্ৰদায়ৰ পৰম্পৰাগত সাঁজ পাৰ পৰিধান কৰি ডাঠকলাৰ এই সকল যুৱক-যুৱতীয়ে আনন্দ-উল্লাসৰ মাজেৰে এনেদৰে কৃষি ভিত্তীক উৎসৱ তীহাৰ উৎসৱ উপলক্ষে ব্যস্ত হৈ পৰিছে দেউচি-ভইলি পৰিৱেশন কৰাত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *