sangbad lahar logo

গহপুৰৰ হাবলদাৰ তিলক বাহাদুৰ প্ৰধানক অভিনন্দন অখিল অসম গোৰ্খা ছাত্র সংঘৰ।

বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ অন্তৰ্গত ডাঠকলাৰ বেগিজানৰ নিবাসী তথা অসম ৰাইফলছ ১০ নং বেটেলিয়নৰ হাবলদাৰ তিলক বাহাদুৰ প্ৰধানক অখিল অসম গোৰ্খা ছাত্র সংঘ বেগিজান আঞ্চলিক সমিতিৰ উদ্যোগত বেগিজান ৰাইজৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰা অভিনন্দন সমাৰোহ অনুষ্ঠানত অখিল অসম গোৰ্খা ছাত্র সংঘকে আদি কৰি বিভিন্ন সংগঠন, অনুষ্ঠান আদিয়ে আনুষ্ঠানিকভাৱে অভিনন্দন জনায়। তেখেতে কাৰ্গিল যুদ্ধটো অংশগ্রহণ কৰি আহিছিল আৰু ভাৰত-ম্যানমাৰৰ দৰে সংঘাতপূর্ণ অঞ্চলটো নিষ্ঠা আৰু সততাৰে দেশমাতৃৰ হকে কৰ্তব্য পালন কৰি আহিছে ৷ তদুপৰি সফল সেনানী হিচাপে সুদীর্ঘ ৪১ বছৰ ভাৰত দেশমাতৃৰ বাবে সেৱা আগবঢ়াই অৱসৰ লৈ ঘৰলৈ সগৌৰৱে ঘুৰি অহাত হাবলদাৰ প্ৰধানক অভিনন্দন জনোৱাৰ সমান্তৰালভাৱে অঞ্চলটোৰ ৰাইজে নৃত্যুল্লাসো কৰে। উক্ত অনুষ্ঠানত মুখ্য ব্যক্তি হিচাপে উপস্থিত থাকে
আগচু বেগিজান আঞ্চলিক সমিতিৰ সভাপতি কুশল গোৰ্খা ভট্ৰাই, মুল সচিব দ্বীপ ভঁৰালী, জিলা সাংস্কৃতিক সচিব কামনা প্ৰধান, জিলা উপদেষ্টা ৰাম কুমাৰ প্ৰধান আৰু অখিল অসম নেৱাৰ সংঘ বিশ্বনাথ জিলা সমিতিৰ সভাপতি মান বাহাদুৰ প্ৰধান, মুল সচিব মোহন প্ৰধান, প্ৰচাৰ সচিব দীপক প্ৰধান, উপ মুখপাত্ৰ উমেশ প্ৰধান, সচিব মণ্টু নেৱাৰ, কুলদীপ নেৱাৰ, লগতে অসম নেপালী সাহিত্য সভা বাকৰি সমিতিৰ সভাপতি কৰ্ণ প্ৰধান,তদুপৰি অসম গোৰ্খা সন্মিলন ডাঠকলা শাখাৰ সভাপতি দীলিপ শৰ্মাৰ লগতে উপস্থিত থাকে বিশিষ্ট বুদ্ধিজীৱী যাদৱ চলিহা, স্থানীয় সমাজকৰ্মী তথা বিশিষ্ট ব্যক্তিসকলো ।

Related Articles

1 Comment

  • slotsite , March 21, 2023 @ 8:45 am

    I saw your article well. You seem to enjoy slotsite for some reason. We can help you enjoy more fun. Welcome anytime 🙂

Leave a Reply

Your email address will not be published. Required fields are marked *