
পাচঁবছৰীয়া এগৰাকী কনমানি । পখিলা খেদাৰ বয়সত শিশুটি পৰি ৰৈছে বিচনাত । বিশ্বনাথ জিলাৰ গহপুৰ সমষ্টিৰ অন্তৰ্গত উত্তৰ কলাবাৰী পঞ্চায়তৰ পূৱ পালেংগুৰিৰ এটি দৰিদ্ৰ পৰিয়াল। উৎপল বৰা আৰু পৰিস্মিতা বৰাৰ পুত্ৰ অবিনাশ বৰা জন্মলগ্নৰে পৰা শাৰিৰীক অক্ষমতাত চটফটাই থাকিব লগা হৈছে। পৰিয়ালৰ লোকে শিশুটিৰ চিকিৎসাৰ বাবদ ঘৰৰ সকলো সম্পদ তথা দেহৰ গাঁথিৰ আ-অলংকাৰ বিক্ৰী কৰি লক্ষীমপুৰ লালুক চিকিৎসালয়,তেজপুৰ,গুৱাহাটী GMCH লৈ নিছিল যদিও ধনৰ অভাৱত আধা চিকিৎসা কৰায়ে ঘৰলৈ ঘূৰাই আনিব লগা হয়।পৰিয়ালটোৰ অৰ্থনৈতিক ভাৱে তেনে জুৰুলা। সেয়ে এতিয়া পৰিয়ালটোৰ একমাত্ৰ ভৰষাৰ স্থল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । শিশুটোক সুস্থ কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে বিহিত প্ৰদক্ষেপ গ্ৰহনৰ বাবে কাটৰ অনুৰোধ জনাইছে পৰিয়ালটোৱে। শিশুটোক সুস্থ কৰাৰ ক্ষেত্ৰত এতিয়াও প্ৰয়োজন বহু ধনৰ । পিতৃ-মাতৃ,ককা-আইতাককে আদি কৰি পৰিয়ালৰ লোকে কোনো হৃদয় বান লোকে সহায় সহযোগ আগবঢ়ায় কনমানি কিশোৰ জনক সুস্হ কৰি তোলাৰ বাবে কাতৰ অনুৰোধ জনাইছে । যদি কোনো ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়াব বিচাৰে তেন্তে State Bank of India ৰ একাউন্ট নম্বৰ
Acount Holder -Mrs. Parismita Saikia Borah
Account no – 40110692827
IFSC Code – SBIN0009140
নতুবা যোগাযোগৰ নম্বৰ: 6361425806 যোগাযোগ কৰি লব পাৰে।