sangbad lahar logo

খাদ্য সংকটত “বান্দৰৰ ৰাজ্য” খ্যাত কৃষ্ণাইৰ ঐতিহাসিক “টুক্ৰেশ্বৰী দেৱালয়ত” থকা কপীকূলৰ

গোৱালপাৰা জিলা সম্পূৰ্ণ ৰূপে কন্টেইনমেন্ট জ’ন ত থকাৰ ফলত খাদ্য সংকটত পৰিছে জীৱকূল ৷ বিশেষকৈ বান্দৰৰ ৰাজ্য বুলি খ্যাত কৃষ্ণাইৰ ঐতিহাসিক “টুক্ৰেশ্বৰী দেৱালয়ত” থকা হেজাৰ হেজাৰ বান্দৰ ভূগিছে তীব্ৰ খাদ্য সংকটত ৷ প্ৰতিদিনে দেৱালয়ত অহা ভক্তপ্ৰাণ ৰাইজে পূজা-অৰ্চনা বা মনসা কৰিবলৈ আহিলে কপীকূলৰ বাবে ফল-মূল, বুট-মাহ খাদ্য লৈ আহে ৷ কিন্তু, কভি’ড পৰিস্থিতিৰ বাবে বন্ধ হৈ পৰিছে ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয় দুৱাৰ ৷ ফলত ভক্তপ্ৰাণ ৰাইজও দেৱালয়ত অহা বন্ধ হৈ পৰিছে আৰু খাদ্যৰ সংকটত পৰিছে দেৱালয়ত থকা বান্দৰ সমূহ ৷ দুধনৈ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক দীপক কুমাৰ ৰাভাই আজি পুৱা টুক্ৰেশ্বৰী দেৱালয়ত উপস্থিত হৈ খাদ্য সংকটতত ভোগা কপীকূলৰ বাবে ফল-মূল, বুট মাহ আদি খাদ্য যোগান ধৰে ৷ দেৱালয়ৰ পূজাৰীৰ লগতে প্ৰাক্তন বিধায়ক গৰাকীয়ে নিজ হাতেৰে বান্দৰক কল আৰু বুটমাহ খুৱাই ৷ প্ৰাক্তন বিধায়ক দীপক কুমাৰ ৰাভাৰ চৌপাশে বান্দৰ, এটা এটাকৈ কল দিছে আৰু সুন্দৰকৈ বান্দৰ বোৰ কল লৈছে আৰু মূখত ভৰাই খাইছে- এক বিৰল দৃশ্য ৷ জানিবপৰা মতে প্ৰকৃতিপ্ৰেমী প্ৰাক্তন বিধায়ক গৰাকীয়ে প্ৰায়ে ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ত থকা বান্দৰবোৰক খাদ্য যোগান ধৰি আহিছে ৷ উল্লেখ্য যে, খাদ্যৰ সংকটত পৰা বান্দৰ বোৰে দেৱালয়ৰ বাহিৰত খাদ্যৰ সন্ধানত ওলায় যোৱাত ইতিমধ্যে কেইবাটাও বান্দৰ ৰাজপথত দুৰ্ঘটনাত পতিত হৈ মৃত্যু মূখত পৰিছে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *