sangbad lahar logo

খাকী পোছাকত কঁকাল ঘূৰাই এপাক বিহু নাচিলে মহিলা আৰক্ষী বিষয়াই ।

ৰঙালী বিহুত সকলোৰে মন এতিয়া সাতখন আঠখন । কঁকাল ঘূৰাই এপাক নাচিবলৈ সকলোৰে মন । খাৰুপেটীয়াত মাৰোৱাৰী যুৱ মঞ্চৰ ৰজত শাখাই আয়োজন কৰিলে ৰঙালী বিহু । পোন প্ৰথমবাৰ আয়োজন কৰা বিহুত ডেকা গাভৰু জীয়ৰীৰ লগতে কঁকাল ঘূৰাবলৈ এইবাৰ ওলাই আহিল মাৰোৱাৰী বোৱাৰী সকল । যুৱ মঞ্চ ই অনুষ্ঠিত কৰিলে মুকলি বিহু । বিহুত এইদৰে ডেকা,  গাভৰু,  জীয়ৰীৰ লগতে বোৱাৰী আৰু আৰক্ষী বিষয়াসকলেও কঁকাল ঘূৰালে মুকলি বিহুত ।

Related Articles