
নিউজ ডেস্ক : খাকী পোচাকৰ আঁৰত শিল্পী মনৰ এগৰাকী গৃহৰক্ষী বিষয়া। নাম ফিৰোজ হুছেইন। কৰ্ম ব্যস্ততাৰ মাজতে অব্যাহত ৰাখিছে সংগীত চৰ্চা।
আমি সততে সমালোচনা কৰি থকা আৰক্ষীও যেন হব পাৰে এগৰাকী শিল্পী। তাৰেই এক উদাহৰণ দেখুৱালে শিৱসাগৰৰ এজন গৃহৰক্ষী জোৱানে।
অসমৰ হিয়াৰ আমঠু ভাৰতৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক জন্মদিন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰতো ৮ ছেপ্তেম্বৰৰ দিনটোত পালন কৰা হয় ।
দিখৌপৰীয়া সন্মিলীত যুৱ সংঘৰ উদ্যোগত দ’লমুখ চাৰিআলিস্থিত জয়দয়াল খেমকা মাতৃ সেৱা সদনৰ সন্মুখত থকা ভূপেনদাৰ প্ৰতিমূৰ্তিৰ সন্মুখত অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছিল ভূপেন দাৰ জন্মদিন।
অনুষ্ঠানত গণ শিল্পী মহেন্দ্ৰ হাজৰিকাকে ধৰি বহু কেইগৰাকী কণ্ঠ শিল্পীয়ে গীত পৰিৱেশন কৰি থাকেতেই ভূপেনদাৰ গীত শুনি ৰব নোৱাৰিলে সেই স্থানত কৰ্তব্য পালন কৰি থকা আৰক্ষী কৰ্মচাৰী ফিৰোজে। কতব্যৰ মাজতেই খাকী পোচাক পিন্ধি গীত পৰিৱেশন কৰিলে ফিৰোজে।
অনুষ্ঠানত ফিৰোজে পৰিবেশন কৰে ভূপেনদাৰ এটা কালজয়ী গীত বুকু হম হম কৰে। অনুষ্ঠানত উপস্থিত সকলেৱে জোৱানজনৰ কণ্ঠত নিগৰা গীতটি শুনি আপ্লত হৈ পৰে। খাকী পোচাকৰ মাজতো যে কোমল অন্তৰৰ শিল্পী সুলভ চৰিত্ৰ লুকাই থাকিব পাৰে তাৰেই প্ৰমাণ কৰিলে ফিৰোজ হুছেইন দৰে ব্যক্তিয়ে।
উল্লেখ্য যে অনুষ্ঠানটোত আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰোচনে। জন্ম দিন উপলক্ষে কেক কাটে গণশিল্পী মহেন্দ্ৰ হাজৰিকাই।
