
২৪×৭ নামৰ অনুষ্ঠানটোৰ প্ৰথম বৰ্ষপূতি অনুষ্ঠানত প্ৰতিদিন টাইমৰ উজনিৰ ব্যুৰ চিফ পৰমানন্দ বৰালৈ আগবঢ়োৱা হয় “সংবাদ প্ৰহৰী “সন্মান । ভাগ্যশ্ৰী তামুলীয়ে আঁত ধৰা এই অনুষ্ঠানতে শৰীৰ চৰ্চাবিদ তথা সমাজ সেৱক তুষাৰ পাললৈ প্ৰদান কৰা হয় “মানৱ সেৱা” সন্মান।এই উপলক্ষে আয়োজিত এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নিবন্ধকাৰ, কাকজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড:অনিল কুমাৰ শইকীয়া, নকচাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ উত্তম কুমাৰ বৰুৱা, আপকু যোৰহাট জিলা সমিতিৰ সভাপতি সত্যৰঞ্জন শইকীয়া, টীয়ক প্ৰেছ ক্লাৱৰ সভাপতি দুলাল হাজৰিকা, পূৱ যোৰহাট প্ৰেছ ক্লাৱৰ সভাপতি ৰামপ্ৰসাদ ফুকন ,টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষ ৰাজু কুমাৰ শইকীয়াকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি। অনুষ্ঠানৰ পূৰ্বে বৃক্ষৰোপন কৰে বিজু শৰ্মাই, গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে উত্তম কুমাৰ বৰুৱাই । খৱৰ ২৪×৭ ৰ মুখ্য সম্পাদক স্মৃতিপ্ৰিয়া লাহনে আদৰণি ভাষণ প্ৰদান কৰা এই অনুষ্ঠানতে অনলাইন যোগে আয়োজিত নৃত্য প্ৰতিযোগিতাৰ বিজয়ী সকলক পুৰস্কাৰো প্ৰদান কৰা হয়।