
কৃষিজীবি চহা লোকৰ প্ৰাণৰ উৎসৱ কাতি বিহু এইবেলি তেনেই সেমেকা । তথাপিও অসমীয়াৰ বাপতি সাহোন বিহু উদযাপন কৰিবলৈ সকলোৱে যেন বান্ধিছে টঙালি বান্ধিছে।যান্ত্ৰিক মহানগৰীয়ে কৃষিভূমি সংকোচিত কৰাৰ পিছতো উৎসৱ পৰম্পৰা জীয়াই ৰখাৰ অপ্ৰাণ চেষ্টা উত্তৰ গুৱাহাটীৰ কৃষকৰ ।কাতি বিহু উপলক্ষে চাকি-বন্তি লৈ খেতি পথাৰলৈ ধাৱমান ৰংমহলৰ এই সকল কৃষক । দেহৰ ঘাম মাটিত পেলাই কৰা খেতি কীট পতঙ্গৰ পৰা ধাননি ডৰা ৰক্ষা কৰিবলৈ ভগৱন্তক কাকুতি । এফালে খৰাং আনফালে চৰহা পোকৰ উপদ্ৰপ । আৰু তাৰ মাজতেই খেতিয়কৰ বছৰৰ সপোন । পৰ্যাপ্ত ফচলৰ কামনাৰে ধূপ দীপ নৈবেদ্য আগবঢ়াই প্ৰাৰ্থনা জনালে ৰংমহলৰ খেতিয়কে।