
এটি পৰিয়ালে দুবেলা দুমুঠি খাবৰ বাবে ব্ৰতী হ’বলগীয়া হৈছে কঠোৰ জীৱন সংগ্ৰামত। গোৱালপাৰা জিলাৰ দুধনৈ বিধান সভা সমষ্টিৰ খুটাবাৰী গাওঁ পঞ্চায়তৰ তৃতীয় খণ্ডৰ জ্যোতিষ বিশ্বাস নামৰ লোকজনৰ পৰিয়ালে কটাবলগীয়া হৈছে দুৰ্বিসহ জীৱন। দীৰ্ঘ দিনীয়া অসুস্থতাৰ কাম কাজ কৰি পৰিয়ালটো পোহপাল দিয়াত অপাৰগ হৈ পৰা জ্যোতিষ বিশ্বাসৰ পৰিয়ালটোৰ জীৱনলৈ দহ মাহ পূৰ্বে নামি আহিল ঘোৰ অমানিশা। জ্যোতিষ বিশ্বাসৰ একমাত্ৰ উপাৰ্জনক্ষম পুত্ৰ ভূপেন বিশ্বাসে দিন হাজিৰা কৰি পৰিয়ালটো চলাই আছিল যদিওঁ ইয়াৰ মাজতে ভূপেন বিশ্বাসে পেটৰ তাড়ণাত আনৰ ঘৰত গৈ তামোল পাৰিবলৈ গছত উঠাৰ সময়তে দুৰ্ভাগ্যবশতঃ গছৰ পৰা সৰি পৰি ৰাজহাড় ভাঙি যায়। সেইদিন ধৰি শুই থাকিয়ে দিন ৰাতি পাৰ কৰিছে এতিয়া ভূপেন বিশ্বাস। বহু চিকিৎসা কৰিও পোৱা নাই সুফল। এফালে পিতৃৰ অচলাৱস্থা আনফালে পুত্ৰৰ এনে অৱস্থাই বিপাঙত পেলাইছে পৰিয়ালটোক। ভূপেনৰ মাতৃ তথা কণমানি ভনীয়ে ইফাল সিফাল হাজিৰা কৰি পৰিয়ালটোৰ বাবে যোগান ধৰিছে খোৱাৰ বাবে দুবেলাৰ দুমুঠি অন্ন।ভূপেন বিশ্বাসৰ মাতৃ, পত্নীৰ লগতে ওচৰ চুবুৰীয়াৰ মূখ্যমন্ত্ৰীলৈ আহ্বান ভূপেন বিশ্বাসৰ সু-চিকিৎসাৰ ব্যৱস্থা গ্ৰহন কৰি পুনৰ সুস্থ কৰি তোলাৰ লগতে পৰিয়ালটোৰ সংকটময় জীৱনৰ পৰা পৰিত্ৰাণ দিব লাগে তেওঁলোকক। সেয়ে যদি কোনো সুহৃদ লোকে সহায়ৰ হাত আগবঢ়াব বিচাৰে তেন্তে পৰিয়ালটোৰ
A/C No. – 3459202618
Central Bank of India
Dhupdhara Branch
IFSC code: CBIN0282653
A/C holder – Jatish Biswas
আপুনি আপোনাৰ ধনৰাশি প্ৰেৰণ কৰিব পাৰে।