৬০’ৰ উৰ্দ্ধৰ এগৰাকী বৃদ্ধাৰ হত্যাকাণ্ডই এতিয়া সমগ্ৰ অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ । ঘটনাৰ বিৱৰণ অনুসৰি সৰস্বতী ডেকা নামৰ ৬০’ৰ উৰ্দ্ধৰ মহিলাগৰাকীৰ ঘৰত কাম কৰা বনুৱা হিচাপে থকা অমৰ বৈশ্য নামৰ লোক এজনে দা’ৰে কোনো কথা বতৰা নোহোৱাকৈ ডিঙিত নৃসংশভাৱে ঘপিওৱাৰ লগতে সোঁহাতখন কাটি টুকুৰা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে গৃহস্থ সৰস্বতী ডেকা(৬০) নামৰ বৃদ্ধাগৰাকীক । কি কাৰনত প্ৰকৃততে এই হত্যাকাণ্ড সংঘটিত হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই । ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে ক্ষেত্ৰী আৰক্ষীৰ এটি দল আৰু এই সমস্ত ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যবস্থা কৰিছে । বৰ্তমান পলাতক অৱস্থাত এই হত্যাকাণ্ডৰ অভিযুক্ত অমৰ বৈশ্য নামৰ লোকজন । সমগ্ৰ ঘটনা এতিয়া ৰহস্যৰ আৱৰ্তত । আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব প্ৰকৃত ঘটনা ।