
“মোৰ মনত ভেদভাৱ নাই অ আল্লা, মোৰ মনত ঘীন পৰ নাই,, হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান মোৰ মনত একেটি ভাৱ।” এই জিকিৰ ফাঁকিয়ে প্ৰাণ পাই উঠিছে অসমৰ একতাৰ বান্ধেৰে বান্ধ খোৱাই থৈ যোৱা অসমীয়া জাতিৰ প্ৰাণ প্রতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বৰদোৱাত। গুৰুজনাৰ জন্মস্থান পুনৰুদ্ধাৰৰ সময়ত তেখেতৰ নাতি বোৱাৰী আই কনক লতাই স্থাপন কৰা ঐতিহাসিক কোৱাইকটা সত্ৰৰ স্মৃতি বিজড়িত সত্ৰ খনৰ নাতি দূৰত অৱস্থিত মাহধোৱা পুখুৰী কালক্ৰমত কিছু অংশত স্থানীয় সংখ্যালঘু ৰাইজে পাঞ্জেগানা নিৰ্মান কৰিছিল যদিও এই পাঞ্জেগানা আঁতৰাই আজি স্থানীয় বিধায়িকা শিবামনি বৰাৰ লগতে অসম সত্ৰ মহাসভাৰ প্ৰতিনিধিৰ উপস্থিতিত কোৱাই কটা সত্ৰৰ হাতত আনুষ্ঠানিক ভাৱে অৰ্পণ কৰে। যাৰ বাবে উৎফুল্লিত হোৱা পৰিলক্ষিত হয় স্থানীয় ৰাইজ। ঐতিহাসিক কোৱাই কটা সত্ৰ ৰূপান্তৰিত হয় সম্প্ৰীতিৰ মিলন ভূমিলৈ। উল্লেখ্য যে, এই কোৱাই কটা সত্ৰত বেদখল হোৱাকলৈ আজি কিছুদিনৰ পৰা সৃষ্টি হৈছিল অৰিয়া অৰিৰ। আজি সম্পূৰ্ণ বেদখল মুক্ত হোৱাত সন্তোষ প্ৰকাশ কৰিছে কোৱাই কটা সত্ৰ পৰিচালনা সমিতিৰ লগতে অসম সত্ৰ মহাসভাৰ পশ্চিম নগাওঁ জিলা সমিতিয়ে।