কোকিলা জিলা পৰিষদৰ অন্তৰ্গত তথা কংগ্ৰেছৰ জিলা পৰিষদৰ প্ৰাৰ্থী ছেকেণ্ডাৰ প্ৰধানীৰ নিজ পঞ্চায়তত ৰাইজে গাঠিৰ ধন খৰচ কৰি বাহৰ সাঁকো নিৰ্মাণ কৰে। স্থানীয় ৰাইজে বাহৰ সাঁকো নিৰ্মাণ কৰি কংগ্ৰেছৰ প্ৰাৰ্থীজনক ভোট নিদিয়ে বুলি মন্তব্য কৰে। উল্লেখ্য যে বিগত ৫ বছৰত ছেকেণ্ডাৰ প্ৰধানীয়ে পঞ্চায়ত সভাপতি আছিল যদিও কোনো কাম নকৰি দূৰ্নীতি কৰিছিল। সেয়ে এইবাৰ পঞ্চায়তবাসীয়ে ছেকেণ্ডাৰ প্ৰধানীৰ পৰিৱৰ্ত্তে নিৰ্দলীয় প্ৰাৰ্থী ৰমেজ উদ্দিনক ভোট দিব। পঞ্চায়তবাসীয়ে দূৰ্নীতি ও দালাল মুক্ত পঞ্চায়ত বিচাৰে বুলি কয়। উল্লেখ্য যে সমষ্টিৰ মাজৰে যোৱা ৰাস্তাত এখন পকী দলং কৰিছিল যদিওঁ অতি নিম্নমানৰ কাম কৰাত দলংখন ওলটি বাগৰি পৰে। ৰাস্তাখনেৰে প্ৰায় ৩০-৪০খন গাওঁৰ ৰাইজৰ লগতে ২০-২৫খন স্কুল-কলেজৰ ছাত্ৰ ছাত্ৰীয়ে অহাযোৱা কৰে যদিওঁ স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰে কোনো গুৰুত্ব নিদিয়াত ক্ষোভ প্ৰকাশ কৰে।
