কেঁচা অথবা ভজা দুয়োধৰণৰ বাদাম সুলভ এতিয়া আমিন গাঁৱৰ ৰাজপথত। পিছে সকলোৰে জনপ্ৰিয় হৈ পৰা এই বাদাম পশ্বিমবঙ্গ ,কলিকতাৰ নহয় । উত্তৰ প্ৰদেশৰ পৰা বাদাম বিক্ৰী কৰিবলৈ আহি এইসকল ভ্ৰাম্যমান ব্যবসায়ী বাহৰ পাতিছে আমিন গাওঁ জয়গুৰুত । বিগত এবছৰ ধৰি ভিন্ন প্ৰকাৰৰ বাদাম বিক্ৰী কৰি জনাজাত হৈছে এওঁলোক । গুৱাহাটীৰ পৰা ঘৰমুৱা প্ৰতিজনেই গাড়ী ৰখাই বাদাম ক্ৰয় কৰে এইগৰাকী পদপথ ব্যৱসায়ীৰ পৰা। পিছে বাদাম ক্ৰয় কৰিবলৈ অহা এজন শ্ৰমিকৰ মুখত সজীব হৈ পৰিল কাচা বাদাম । বিশ্বজুৰি কাচা বাদামৰ জৰিয়তে জনপ্ৰিয় হৈ পৰা ভুবন বাদ্যকাৰক মনত পেলাই গীত জুৰিলে এজন শ্ৰমিকে ।