- বটদ্ৰবাৰ ৰিপোৰ্ট :- অভিষেক বৰুৱা, Edit:- সংবাদ লহৰ

দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে উদযাপিত ভাৰত অমৃত মহোৎসৱৰ অংশ হিচাপে আজি সমগ্ৰ দেশৰ কৃষক সকলক লৈ অনুষ্ঠিত হৈছে “প্ৰতিকূল জলবায়ুৰ লগত মোকাবিলা কৰিব পৰাকৈ কৃষিকাৰ্য্য” শীৰ্ষক সজাগতাৰ বিশাল কাৰ্যসূচী। তাৰেই অংশ হিচাপে অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত আজি বৰভেটি গাঁও পঞ্চায়তৰ মুকলি মঞ্চত সজাগতা অনুষ্ঠান অনুষ্ঠিত হয়।
অনুষ্ঠানত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ দেশৰ কৃষক সকলক উদ্দেশ্যি প্ৰদান কৰা ভাষণৰ পোনপটীয়াকৈ সম্প্ৰচাৰৰ পাছত অনুষ্ঠিত সজাগতা অনুষ্ঠানত কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মূৰব্বী ড০ নিৰঞ্জন ডেকাই “পৰিৱৰ্তিত জলবায়ুৰ সৈতে মোকামিলা কৰি কিদৰে কি ধৰণৰ কৃষিকাৰ্য্য কৰিব পাৰি” তাৰ ওপৰত বিশ্লেষণ কৰে।
কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যান শস্য বিশেষজ্ঞা জুলি শৰ্মা, সামূহীক বিজ্ঞান বিশেষজ্ঞা আছফিকা ইছলাম, কৃষি অৰ্থনীতি বিভাগৰ বিষয় বস্তু বিশেষজ্ঞা ড০ চিংকি বৰ্মন, বিষ্ণু নাৰায়ণ ফুকন, কাছমাৰী জিলা পৰিষদৰ সদস্যা কাঞ্চন পাটৰ বৰদলৈ, বৰভেটি গাঁও পঞ্চায়তৰ সভানেত্ৰী নিলাংকৃতা বৰদলৈ দাসকে প্ৰমুখ্য কৰি নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ শতাধিক উদ্যমী মহিলা কৃষকৰ উপস্থিত থাকে।