
শৰতৰ শেৱালিয়ে দিলেহি পদূলিমুখত কাতিৰ বতৰা। আমোল-মোল শৰতৰ গোন্ধ। শৰতৰ এই বতৰা পোৱাৰ পাছতেই তুলসীৰ তলত বন্তি জ্বলাই প্রতি বছৰে কাতিক আঁদৰে প্ৰতিগৰাকী অসমীয়াই৷ এন্ধাৰৰ বাট কাটি চৌদিশ হৈ পৰে পোহৰেৰে আলোকিত। কাইলৈ সেয়ে প্ৰতিগৰাকী অসমীয়াই পৰম্পৰা ৰক্ষা কৰি পালন কৰিব কাতি বিহু।
কাইলৈ কাতি বিহু। কাতি বিহু পালনৰ বাবে প্ৰস্তুত ৰাজ্যবাসী। প্ৰাচীন কালৰে পৰা আহিন মাহৰ শেষৰ দিনটো অসমীয়া সমাজে আলোকৰ উৎসৱ হিচাপেয়ো কৰি আহিছে পালন । অন্য বৰ্ষসমূহৰ দৰেই এইবাৰো প্ৰতিজন অসমীয়াই চোতালত তুলসী পুলি ৰুই চাকি-বন্তি জ্বলাই ঈশ্বৰৰ ওচৰত জনাব প্রার্থনা। সেয়ে ব্যস্ততাৰ অন্তঃ নাই ৰাজ্যবাসীৰ মাজত।
কাতি বিহুৰ দিনা সেউজীয়া ধাননি ডৰাত চাকি জ্বলাই শস্যৰ বৃদ্ধিৰ বাবে লক্ষ্মী দেৱীক প্ৰাৰ্থনা জনাব প্ৰতিগৰাকী অসমীয়াই। ভোগ বিলাস অবিহনে প্ৰতিজন অসমীয়াই পালন কৰিব কঙালী বিহু।
কাতি বিহুৰ সময়তে সৰহ সংখ্যক খেতিয়কৰ ভঁৰাল উদং হয়। কাতি বিহুৰ সময়তে অভাৱ–অনাটনে কৃষক ৰাইজক আৱৰি ৰাখে। তথাপিও কঙালীৰ মাজতো পৌৰাণিক কালৰে পৰা কৃষিজীৱী সাধাৰণ ৰাইজে শস্যৰ মংগলৰ অৰ্থে ভগৱানক জনাব অলেখ অযুত প্ৰাৰ্থনা ।