sangbad lahar logo

কৃত্ৰিম বানে জ্বলা-কলা খুৱাই আহিছে উত্তৰ গুৱাহাটীবাসীক । ডুব যোৱা পথত পৰি ইতিমধ্যে এগৰাকী মহিলাৰ কৰুণ মৃত্যুৰ লগতে আহত হৈছে বহু পথছাৰী ।

এইবাৰ খোদ মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিতে ঘৰ-দুৱাৰ ,বাট-পথ সকলোতে পানী । কৃত্ৰিম বানে জ্বলা-কলা খুৱাই আহিছে উত্তৰ গুৱাহাটীবাসীক । ডুব যোৱা পথত পৰি ইতিমধ্যে এগৰাকী মহিলাৰ কৰুণ মৃত্যুৰ লগতে আহত হৈছে বহু পথছাৰী । বছৰ বছৰ আবদ্ধ দূষিত পানীৰ সতে সহৱস্থান কৰি ৰুগীয়া হৈছে বহুলোক । বৰষুণৰ পানীয়ে অধিক ভয়াবহ কৰি তুলিছে উত্তৰ গুৱাহাটীৰ আবাসীক । মধুপুৰ ,ৰূদ্ৰেশ্বৰ ,কটাহ বজাৰ ,ৰহধলা আদি অঞ্চলৰ পানী নিৰ্গমণৰ পথ ৰুদ্ধ কৰি আহিছে অসাধু বনিয়া, উদ্যোগ প্ৰতিস্থানে । বাট-পথৰ তথৈবচ অৱস্থা কিন্তু , নীৰৱ লোকনিৰ্মাণ বিভাগ কিম্বা কামৰূপ জিলা প্ৰশাসন । ৰাইজৰ দুৰ্দশাৰ প্ৰতি কাণসাৰ নোহোৱাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে । পৰিস্থিতি অধিক ভয়াবহ হোৱাৰ পূৰ্বেই কামৰূপ উপায়ুক্ত কীৰ্তি জল্লীক ব্যৱস্থা গ্ৰহণৰ দাবী কৰিছে ৰাইজে  ।

Related Articles