কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত বি*দ্যু*ত*পৃ*ষ্ঠ হৈ এজনৰ মৃ*ত্যু।উত্তৰ বৰবিল উপ আৰক্ষী চকীৰ অন্তৰ্গত নতুন বজাৰত সং*ঘ*টি*ত হয় এই কাণ্ড।AS 01 JC 1837 নম্বৰৰ ট্ৰাক খনত চাউলৰ লোড কৰি তিৰপাল বান্ধি থকাৰ সময়ত ১১ হাজাৰ ভল্ট বিদ্যুৎ তাঁৰত লাগি মৃ*ত্যু হয় সজ্ঞয় নাথ নামৰ গাড়ীৰ গৰাকী তথা চালকজন ।সজ্ঞয় নাথৰ ঘৰ লংকাৰ ভালুকমাৰী বুলি জানিব পৰা গৈছে।লক্ষেশ্বৰ দাস নামৰ ব্যক্তিৰ ধান কলৰ পৰা ট্ৰাকখনত চাউল লোড কৰি থাকোতে সংঘটিত হয় এই কাণ্ড।ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
