sangbad lahar logo

কামৰূপ জিলাৰ ৰঙিয়াত যুৱতী নিৰুদ্দেশৰ ঘটনা।

ৰঙিয়াৰ ততাৰকুছি যুৱতী নিৰুদ্দেশক লৈ তীব্ৰ চাঞ্চ্যল।

ঘটনা অনুসৰি শনিবাৰে বিয়লি বান্ধৱীৰ ঘৰলৈ যাব বুলি ওলাই গৈছিল মেহৰুন নেচা (১৫) নামৰ যুৱতী গৰাকীয়ে নিজ গৃহৰ পৰা।

শনিবাৰৰ পৰা এতিয়ালৈ নিৰুদ্দেশ হৈ থকাত পৰিয়ালটোত এক হাহাকাৰময় পৰিবেশে সৃষ্টি হৈছে।

পৰিয়ালটোৱে আত্মীয় স্বজনৰ ঘৰত বিছাৰ খোচাৰ কৰি আজিলৈ নাপালে কোনো সন্ধান।

ইতিমধ্যে পৰিয়ালটোৱে ৰঙিয়া থানাত এক গোচৰ ৰুজু কৰে ঘটনা সন্দৰ্ভত।

আনহাতে পৰিয়ালৰ অনুৰোধ কোনো সদাশয় ব্যক্তিয়ে যুৱতী গৰাকীৰ সন্ধান পালে 88229-26700 নম্বৰত যোগাযোগ কৰিবলৈ।

Related Articles