sangbad lahar logo

কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ এখন বিশেষ গাওঁ

পৰাম্পৰাগত ভাৱে পাত্ৰপুৰ গাঁৱবাসীয়ে পালন কৰি আহিছে এক বিশেষ কৰ্ম । ক’ভিড সৃষ্ট পৰিবেশৰ মাজতে এইখন গাঁৱৰ ব্যতিক্ৰমী এই কৰ্ম । সমাজ সেঁৱাৰ বিৰল নিদৰ্শন বাইহাটা চাৰিআলিৰ পাত্ৰপুৰ গাঁৱবাসীৰ । ৰাজহুৱা ভূমিত খেতি কৰি পোৱা আয়ৰে সমাজ সেঁৱামূলক কাৰ্য্যসূচী । মন্দিৰ নিৰ্মাণ, দ্ৰৰিদ্ৰ মেধাৱী ছাত্র-ছাত্ৰীক আৰ্থিক সহায় তথা দুখীয়া লোকৰ বিয়া আদিতো ধান বিক্ৰী কৰা ধনেৰে সহায় কৰি আহিছে । গাঁৱবাসীৰ সমূহীয়া ভুই ৰোৱাৰ এতিয়া এক ঐতিহাসিক পৰম্পৰাত পৰিণত হৈ পৰিছে । শতাধিক পূৰুষ মহিলাই এনেদৰে ব্যস্ত হৈ পৰিছে পথাৰত । প্ৰতি বছৰে এক বিশেষ দিনত ঘৰৰ সকলো কাম এৰি ৰাইজ এনেদৰে ওলাই আহে ৰাজহুৱা ভূই ৰুবলৈ ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *