পুথিভঁৰাল হৈছে সমাজৰ চালিকা শক্তি, এসময়ত প্ৰতিখন গাঁৱত লেণ্ডমাৰ্ক স্বৰূপ আছিল পুথিভঁৰাল ।কামৰূপৰ আমিনগাঁৱত “আমিনগাঁও সাহিত্য সভা পুথিভঁৰাল” মুকলি ।আই আই টি গুৱাহাটী ৰাষ্ট্ৰীয় সেৱা যোজনা কোষৰ অধীনত আমিনগাঁও আঞ্চলিক স্বৰ্ণ শাখা সাহিত্য সভাৰ বিশেষ পদক্ষেপত মুকলি কৰা হয় পুথিভঁৰালটো ।এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত পুথিভঁৰালটো পাঠক সমাজৰ বাবে শুভ উদ্বোধন কৰে আই আই টি গুৱাহাটীৰ অধ্যাপক স্বৰূপ নন্দন বৰাই ।

পুথিভঁৰালটো মুকলি কৰি তেওঁ কয় যে জন্মদিনত মই মোৰ সন্তানক পুতলা,কাপোৰ অন্যান্য সমাগ্ৰীৰ বিপৰীতে একোটাকৈ কিতাপৰ টোপোলা উপহাৰ দি আহিছো ।নিজৰ সন্তানক মানুহ হিচাপে গঢ়িবলৈ হলে প্ৰয়োজনীয় কিতাপ-পত্ৰ অধ্যায়ন অতিকৈ গুৰুত্বপূৰ্ণ ।পুথিভঁৰালত পঢ়ুৱৈ কমি অহাৰ পৰিপেক্ষিত নাইকীয়া হ’ল গাঁৱে গাঁৱে সগৌৰৱে উজ্বলি থকা পুথিভঁৰাল সমূহ ।কিন্তু বৰ্তমানেও শৈক্ষিক সমাজত পুথিভঁৰালৰ প্ৰাসংগিকতা অটুত আছে ।এই উদ্দেশ্যৰে দেশৰ আগশাৰীৰ প্ৰযুক্তিবিদ্যাৰ উচ্চশিক্ষা প্ৰতিষ্ঠান আই আই টি গুৱাহাটীৰ ৰাষ্ট্ৰীয় সেৱা যোজনা কোষ, ছাত্ৰ-ছাত্ৰী, অধ্যাপক আগবাঢ়ি আহিছে ৰাইজৰ মাজলৈ ।শিশুৰ পৰা বৃদ্ধলৈকে সকলো স্তৰৰ পাঠকে পঢ়াৰ উপযোগ্য কিতাপ উপলব্ধ আছে পুথিভঁৰালটোত ।

এই পুথিভঁৰালটোৱে আমিনগাঁও অঞ্চলৰ সাহিত্য জগতলৈ অধ্যায়নৰ অনৱদ্য অন্বেষণ আনিব বুলি আশাবাদী উদ্যোক্তা সকল ।অনুষ্ঠানটোত আমিনগাঁও আঞ্চলিক স্বৰ্ণ শাখা সাহিত্য সভা আই আই টি গুৱাহাটীৰ ৰাষ্ট্ৰীয় সেৱা যোজনা কোষৰ বিষয়ববীয়াৰ লগতে ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী আৰু সাহিত্যপ্ৰেমী স্থানীয় ৰাইজ উপস্থিত থাকে ।