sangbad lahar logo

কাব্যঋষি নীলমণি ফুকনৰ দেহাৱসান। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিলে জ্ঞানপীঠ বঁটা বিজয়ী কবিগৰাকীয়ে।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিলে জ্ঞানপীঠ বঁটা বিজয়ী কবিগৰাকীয়ে। শ্বাস–প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈছিল কবিগৰাকী।

বুধবাৰে বিয়লিৰে পৰা স্বাস্থ্যৰ অৱনতি ঘটিছিল নীলমণি ফুকনৰ। প্ৰাৰম্ভিক অৱস্থাত ঘৰতেই চিকিৎসকৰ নিৰীক্ষণত আছিল তেওঁ। স্বাস্থ্যৰ অধিক অৱনতি ঘটাত সন্ধিয়া মালিগাঁৱৰ সঞ্জীৱনী হাস্পতালত ভৰ্তি কৰোৱা হয় ‘গোলাপী জামুৰ লগ্ন’ৰ স্ৰষ্টাগৰাকীক।

গোলাপী জামুৰ লগ্ন’ৰ বিশিষ্ট কবি নীলমণি ফুকন হৈছে অসমীয়া সাহিত্যৰ তৃতীয়গৰাকী জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক। নিজৰ অনন্য সৃষ্টিৰাজিৰে অসমীয়া কবিতাক বিশ্ব দৰবাৰত কৰি তোলা বিশিষ্ট কবি নীলমণি ফুকনৰ অসমীয়া সাহিত্যলৈ অৰিহণা আছে অপৰিসীম।

অসমীয়া কাব্য-সাহিত্যত ফুকনৰ উল্লেখযোগ্য সৃষ্টিসমূহৰ ভিতৰত ‘সূৰ্য হেনো নামি আহে এই নদীয়েদি’, ‘কবিতা’, আৰু ‘গোলাপী জামুৰ লগ্ন’ উল্লেখযোগ্য। তেওঁৰ আন কবিতাপুথি সমূহ হ’ল সূৰ্য হেনো নামি আহে এই নদীয়েদি, নিৰ্জনতাৰ শব্দ, ১৯৬৫, আৰু কি নৈঃশব্দ্য্, জাপানী কবিতা, ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে, কাঁইট গোলাপ আৰু কাঁইট, গাৰ্থিয়া লৰ্কাৰ কবিতা, নৃত্যৰতা পৃথিৱী, চীনা কবিতা, অলপ আগতে আমি কি কথা পাতি আছিলোঁ আদি।

নীলমণি ফুকনৰ জন্ম হৈছিল গোলাঘাট জিলাৰ দেৰগাঁৱত ১০ ছেপ্টেম্বৰ ১৯৩৩ চনত। ইতিহাস বিষয়ত ১৯৬১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে তেওঁ। ‘কবিতা’ শীৰ্ষক স্বনিৰ্বাচিত কাব্যগ্ৰন্থৰ কাৰণে তেওঁক ১৯৮১ চনত সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হয়৷ ১৯৯০ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে৷ ইয়াৰোপৰি ১৯৯১ চনত ছগনলাল জৈন বঁটা, ১৯৯৭ চনত অসম উপত্যকা সাহিত্য বঁটা আৰু সাহিত্য অকাডেমিৰ ফালৰ পৰা শ্ৰেষ্ঠ সাহিত্যিক সন্মান সাহিত্য অকাডেমিৰ ফেল’ ২০০২ চনত প্ৰদান কৰা হয়৷ কবি ফুকনক ২০১৯ বৰ্ষৰ ১৯ আগষ্টত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় ‘ডি লীট’ উপাধি প্ৰদান কৰে ৷

Related Articles