
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ’ল হাতী ছাফাৰী৷ আজি পুৱা পৰম্পৰা অনুসৰি হাতী ছাফাৰী আৰম্ভ কৰাৰ পূৰ্বে হাতী আৰু পৰ্যটকৰ কুশল কামনাৰে হস্তী পূজা কৰে মাউতসকলে৷ কোভিড প্ৰট’কল মানি কঁহৰা বনাঞ্চলৰ মিহিমুখত বিভাগীয় ১০টা হাতীৰে আৰম্ভ কৰা হাতী ছাফাৰীৰ ৰাইডিং টাৱাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে নাৰিকল ভাঙি শুভাৰম্ভ কৰাৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলত ফিটা কাটি হাতী ছাফাৰী মুকলি কৰে উদ্যানৰ DFO ৰমেশ গগৈয়ে।