
যোৰহাট জিলা কবি সন্মিলনৰ উদ্যোগত আৰু কাকজান শাখা কবি সন্মিলনৰ সহযোগত ১০ অক্টোবৰত কাকজান উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় প্ৰাংগণত শাৰদ সম্ভাষণ শীৰ্ষক এটি শাৰদীয় কবিতাৰ অনুষ্ঠান সম্পন্ন হৈ যায় ।ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰবীন কলিতাই এগছি বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানত যোৰহাট জিলা কবি সন্মিলনৰ সভাপতি অজিত কুমাৰ বৰদলৈয়ে মূল অনুষ্ঠানটোৰ সঞ্চালক আৰু সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি ড০ মানিক শইকীয়াই কবি সন্মিলনৰ সঞ্চালক হিচাপে আসন গ্ৰহণ কৰে । অনুষ্ঠানতে দেৱজিৎ গোস্বামীৰ সম্পাদনাত যোৰহাট জিলা কবি সন্মিলনৰ মুখপত্ৰ গাণ্ডীৱ উন্মোচন কৰে সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন প্ৰধান সম্পাদক পৰাগজ্যোতি মহন্তই আৰু কাব্যালোচনী শিকলি উন্মোচন কৰে কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক তুফেল জিলানীয়ে । অনুষ্ঠানত যোৰহাট জিলা সাংবাদিক সন্থাৰ সভাপতি ৰাম প্ৰসাদ ফুকন, কাকজান কবি সন্মিলনৰ সভাপতি কেশৱ চন্দ্ৰ বৰাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে । যোৰহাট জিলা কবি সন্মিলনৰ সম্পাদক পাৰভেজ হুছেইন, কাকজান কবি সন্মিলনৰ সম্পাদক অভিজিৎ খটীয়া বৰুৱাই আঁত ধৰা অনুষ্ঠানৰ আৰম্ভনিতে গৰিমা বৰাই এটি বৰগীত পৰিৱেশন কৰাৰ লগতে অশ্ৰুতি প্ৰিয়ম বৰা,লাকী কলিতা আৰু ৰাজশ্ৰী শইকীয়াই অনুষ্ঠানত সৃষ্টিশীল নৃত্য পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে । অনুষ্ঠানত বিশিষ্ট আবৃত্তিকাৰ শান্তিছায়া শইকীয়া তথা আৰেছা বেগম ,অৰূপজ্যোতি হাজৰিকা, বিমান শইকীয়া,বন্দনা সন্দিকৈ, জুনমনি গগৈ, সমীৰ শংকৰ দত্ত, শিখা কাকতি,অচ্যুত বৰা,ৰূপজ্যোতি হাজৰিকা দত্ত, জুলি বৰুৱা,মীৰা বৰা, অনুৰাধা শইকীয়া বুঢ়াগোহাঁই,কিশোৰ ভৰদ্বাজ বৰুৱাকে ধৰি কুৰিজনৰো অধিক কবিয়ে কবিতা পাঠ কৰে।