কাইলৈ ৰাজ্যত অনুষ্ঠিত হব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন সাজু হৈছে প্ৰাৰ্থীসকলৰ লগতে প্ৰশাসনো…

কাইলৈ ৰাজ্যত অনুষ্ঠিত হব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন সাজু হৈছে প্ৰাৰ্থীসকলৰ লগতে প্ৰশাসনো। তাৰ মাজতে যেন নিৰ্বাচনী নীতি উলংঘন কৰি চলে বলে কৌশলে ভোট ক্ৰয়ত উঠি পৰি লাগিছে একাংশ । এইবাৰ ভোটৰ বিনিময় দিবলৈ সাজু পলাশবাৰীৰ দখলাত। এটা বিশেষ ফোন‌ ৰেকৰ্ডিং । যাক লৈ তীব্ৰ খলকনি তুলিলে ভোটাৰ ৰাইজৰ মাজত। এই ঘটনা পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৫৭ নং দখলা গাঁৱ পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ ।এগৰাকী কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থীয়ে এইবাৰ পঞ্চায়ত নিৰ্বাচনত ৱাৰ্ডৰ সদস্য হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। নাম তেওঁৰ অনামিকা তালুকদাৰ। পিছে তেওঁৰ স্বামী নিৰঞ্জন ঠাকুৰীয়া হৈছে টকাৰে বৰষুণ আনিব পৰা ব্যক্তি। বিগত ৫ টা বৰ্ষ মাতৃক পঞ্চায়ত সভাপতি হিচাপে নিৰ্বাচিত কৰি উন্নয়ন ফোপোলা স্বৰূপ দেখুৱাই এইবাৰ অজস্ৰ দুৰ্নীতিৰে টকা ঘটাৰ পিছত এইবাৰ পত্নীক অৱতীৰ্ণ কৰাইছে নিৰ্বাচনত।নিৰ্বাচনলৈ কেইটামান মুহুৰ্ত বাকী থকাৰ‌ সময়তে টকেনৰ জৰিয়তে ভোটাৰ ৰাইজক ক্ৰয় কৰাৰ অভিসন্ধি ৰচিছে এইগৰাকী নিৰঞ্জন ঠাকুৰীয়াই।‌ ৰঞ্জন ঠাকুৰীয়া, বিজু ঠাকুৰীয়া, লীলা ঠাকুৰীয়া , অনিমা ঠাকুৰীয়া আদি দালালৰ দ্বাৰা এটা টকেনৰ বিপৰীতে আছে একৰ পৰা দুই হেজাৰ টকা। ঠায়ে ঠায়ে পাতিছে ভোজ-ভাত আৰু সুৰাৰ আদ্দা। ইফালে লাখে লাখে টকা খৰচ কৰিবলৈ আলাউদ্দিনৰ চাকী কৰ‌ পৰা পালে তাকলৈ উঠিছে বহু প্ৰশ্ন।কিন্তু নিৰ্বাচনী আয়োগৰ চকুত ধূলি মাৰি সকলো নীতি উলংঘন কৰা এইগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ’ব লক্ষণীয়।