কলেজীয়া ছাত্ৰীৰ শ্লি*ল*তা হানিকলৈ উত্তৰ গুৱাহাটী বৰ ৰংমহল উ*ত্ত*প্ত পৰিস্থিতি

নিশা উত্তৰ গুৱাহাটী বৰ ৰংমহল উত্তপ্ত পৰিস্থিতি ।কলেজীয়া ছাত্ৰীৰ শ্লিলতা হানিকলৈ উত্তেজিত ৰাইজ ।এইবাৰ উত্তৰ গুৱাহাটীত লাভ জেহাদৰ বলি কলেজীয়া ছাত্ৰী ।প্ৰেমৰ ছলনাৰে মুছলিম যুবকে জালত পেলাইছিল উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ হিন্দু ছাত্ৰীক ।পিছত যুবতীৰ অন্তৰংগ মুহুৰ্ত ম’বালত আবদ্ধ কৰি ব্লেক মেইলিঙ কৰিছিল যুবকজনে ।উত্তৰ গুৱাহাটী বৰ ৰংমহলৰ চাজিদ আলী(২৪)নামৰ যুবক জনে ছাত্ৰী গৰাকীৰ বিষয়ে ছ’চিয়েল মিডিয়াত প্ৰচাৰ চলাইছিল জঘণ্য কথা ।ৱাটচপ নম্বৰে নম্বৰে ছাত্ৰীৰ নম্বৰ প্ৰেৰণ কৰি অপপ্ৰচাৰ চলাইছিল ।

নিশা তিনি সহপাঠী ছাত্ৰই চাজিদৰ এই কুকায্য বন্ধ কৰা কথা কবলৈ গৈ চাজিদৰ পৰিয়ালৰ আক্ৰমণৰ বলি হল তিনি ছাত্ৰ ।কল্যান দাস নামৰ ৰংমহলৰ ছাত্ৰ জনক কোবাই মূৰ ফালিলে চাজিদে ।আন দুই সহযোগী ছাত্ৰও চাজিদৰ আক্ৰমণৰ বলি হল ।গুৰুতৰভাবে আহত কল্যান দাসক প্ৰথমে তোলাৰাম অসামৰিক চিকিৎসালয় আৰু পিছত জি এম চি এইচলৈ প্ৰেৰণ ।ঘটনা সৎক্ৰান্তত যুবতীয়ে দিয়া এজেহাৰ উত্তৰ গুৱাহাটী আৰক্ষীয়ে গ্ৰহন নকৰাৰ অভিযোগ ।পৰবৰ্তী সময়ত ৰংমহলৰ ৰাইজে উত্তৰ গুৱাহাটী আৰক্ষী চকীত এজেহাৰ দাখিল কৰে |অভিযুক্ত চাজিদ আলী পলাতক ।আৰক্ষীৰ ভুমিকাক লৈ শংকিত ভুক্তভোগী