
নিউজ ডেস্কঃ ওদালগুৰি জিলাৰ কলাই গাঁওত প্ৰধান মন্ত্ৰী গ্ৰাম চৰক যোজনাৰ অধীনত পথ নিৰ্মাণত ব্যাপক দূৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে । উল্লেখযোগ্য যে, প্ৰধান মন্ত্ৰী গ্ৰাম চৰক যোজনাৰ অধীনত কলাই গাঁও টাংনী পথত ৫ কোটি ৭৯ লাখ ৪৭ হাজাৰ ৪০০ টকাৰে নিৰ্মান কৰি থকা পথটোৰ কাম অতি নিন্মমানৰ কাম হোৱা বুলি অভিযোগ কৰে কলাই গাঁও আঞ্চলিক আমছুৱে । অসম চৰকাৰৰ লোক নিৰ্মাণ (পথ) বিভাগৰ ছিপাঝাৰ/কলাই গাঁও ক্ষেত্ৰীয় পথ সংমণ্ডল ৰ দ্বাৰা সম্পাদিত তথা ভাৰত চৰকাৰৰ গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ৰ পুজিৰ দ্বাৰা ৰুপায়িত (পঠৰ দঘ্য- ৫.৭৬০ কি:মি:) পথচোৱাৰ ঠিকাদাৰ ৰাজেন চৌধুৰীয়ে অতি নিম্ন মানৰ কাম কৰাৰ অভিযোগ কৰে কলাই গাঁও আঞ্চলিক আমছুৱে ।আমছুৰ সদস্য সকলে পথৰ ওপৰত বহু সময় ধৰি অসম চৰকাৰৰ গড়কাপ্তানী বিভাগৰ বিৰুদ্ধে , ধৰ্না দিয়ে লগতে অতি নিন্মমানৰ কাম কৰা ঠিকাদাৰ ৰাজেন চৌধুৰীয়ক ব্লেক লিষ্টেট কৰিব লাগে বুলি চৰকাৰক দাবী জনোৱাৰ সমান্তৰালভাৱে অতি নিন্মমানৰ কাম বন্ধ কৰিবলৈ, বিভাগীয় কতৃপক্ষক দাবী জনায় ।
50 Comments