sangbad lahar logo

কমাৰবন্ধাত চাঞ্চল্যকৰ ঘটনা । বোৱাৰীয়েকক কুঠাৰেৰে নিৰ্মম প্ৰহাৰ কৰি শহুৰেক চলন্ত ৰেলৰ আগত পৰি আত্মহনন ।

গোলাঘাট জিলাৰ কমাৰবন্ধাত আজি এক লোমহৰ্ষক ঘটনা সংঘটিত হয় । এই ঘটনাটোত এজন লোকৰ প্ৰাণ হানি হোৱাৰ লগতে আন এগৰাকীয়ে মৃত্যুৰ সতে যুজঁ দি আছে। ঘটনাৰ বিৱৰণী মতে,  কমাৰবন্ধাৰ দ গোহাঁই গাঁৱৰ মাংসৰ ব্যৱসায়ী হীৰেন বৰা (৬৫) আৰু  বোৱাৰীয়েক পম্পী বৰা (৩০)ৰ  মাজত কাজিয়াৰ সূত্ৰপাত ঘটে । দুয়োৰে কাজিয়াৰ সীমা চেৰাই গৈ অৱশেষত হাঁহৰ মাংসৰ ব্যৱসায়ী হীৰেন বৰাই নিজ বোৱাৰীয়েকক মূৰত এখন কুঠাৰেৰে নিৰ্মমভাৱে প্ৰহাৰ কৰাত মহিলাগৰাকীৰ অধিক ৰক্তক্ষৰণ হোৱাত তেওঁক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হয় । ইফালে শহুৰেক হীৰেণ বৰাই ঘটনা সংঘটিত কৰি চাইকেল লৈ পলায়ন কৰে । কমাৰবন্ধাৰ আৰক্ষীয়েও অপৰাধীক কৰায়ত্ত কৰিবলৈ দৌৰা ধপৰা কৰাৰ সময়তে  ৰেলৱে ষ্টেচনৰ সমীপত ৰখাই থোৱা অৱস্থাত চাইকেলখন উদ্ধাৰ কৰে আৰু নিচেই সমীপতে ৰেল লাইনৰ মাজত হীৰেণ বৰাৰ  খণ্ড-বিখণ্ড মাংসপিণ্ড  সিচৰতি হৈ পৰি থকা প্ৰতক্ষ্য কৰে । জানিব পৰা মতে, ঘটনা সংঘটিত হোৱাৰ সময়ত ডিব্ৰু-ৰঙিয়া এক্সপ্ৰেছ ৰেলগাড়ীখন গুৱাহাটী অভিমুখে গৈ আছিল আৰু এই ৰেলৰ আগত পৰিয়েই হীৰেণ বৰাই এনেদৰেই আত্মহননৰ পথ বাচি ললে । ফৰকাটিং ৰেলৱে আৰক্ষীয়ে মাংসপিণ্ডবোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ গৈছে আৰু এক গোচৰ ৰুজু কৰিছে । ইফালে শহৰেকৰ কুঠাৰৰ ঘাপত অতি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পম্পীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰিছে । শেহতীয়া খবৰ মতে, পম্পী আই চিউ ইউত মৃত্যুৰ সতে যুজঁ দি আছে ।

Related Articles