
অংকুমণি বৰুৱা…
যোৱা বুধবাৰৰ পৰা সন্ধানহীন হৈ আছে কমলপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ মহিলা লেবৰেটৰি টেকনিছিয়ান অংকুমণি বৰুৱা। বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত বিহদিয়াৰ মাতৃগৃহৰ পৰা ৰঙিয়াৰ স্বামীগৃহলৈ যোৱাৰ পথত নিৰুদ্দেশ হোৱা বুলি সন্দেহ প্ৰকাশ কৰি পৰিয়ালৰ লোকে ৰঙিয়া থানা আৰু বাইহাটা চাৰিআলি থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে এতিয়ালৈকে কোনো শুংসূত্র লাভ কৰিবলৈ সক্ষম হোৱা নাই অংকুমনিৰ। উপায়ন্তৰ হৈ এতিয়া ১৩ বছৰীয়া একমাত্ৰ কন্যা আৰু পৰিয়ালৰ লোকে শীঘ্ৰে অংকুমনি বৰুৱাক উদ্ধাৰ কৰিবলৈ আৰক্ষীক কৰযোৰে আহ্বান জনাইছে।