sangbad lahar logo

কমলপুৰৰ বৰহাটাৰ দুৰ্ভগীয়া প্ৰণৱ বৈশ্যৰ ঘৰত কংগ্ৰেছৰ যুৱ নেতা পাৰ্শ্ব বব কলিতা।

অৱশেষত সহায় পাবলৈ সক্ষম হ’ল কমলপুৰ সমষ্টিৰ বাইহাটা চাৰিআলিৰ বৰহাটাৰ প্ৰণৱ বৈশ্যই।বিগত কেইদিনমান আগতে কেইবাটাও বাতৰি প্ৰকাশ পাইছিল বিভিন্ন মাধ্যমত। আৰু এই বাতৰি লাভ কৰি কংগ্ৰেছ নেতা পাৰ্শ্ব বব কলিতাই পৰিয়ালটোৰ কাষ চাপে আৰু সহায়ৰ হাত আগবঢ়ায়৷ যুৱ নেতাগৰাকীৰ এনে মহানুভৱতাৰ শলাগ লয় পৰিয়ালটোৱে৷ ইতিমধ্যে পাৰ্শ্ব বব কলিতাই সমষ্টিটোত বিভিন্ন উন্নয়নমূলক কাম কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈয়ো সক্ষম হৈছে৷ উল্লেখ্য, অৰুণ বৈশ্য আৰু দীপালী বৈশ্যৰ একমাত্ৰ সন্তান প্ৰণৱ বৈশ্য এগৰাকী বিশেষভাৱে সক্ষম যুৱক। উঠি-ফুৰি চলিব নোৱাৰা প্ৰণৱ বৈশ্যৰ একমাত্ৰ সাৰথি মাক -দেউতাক৷একমাত্ৰ পুত্ৰৰ চিকিৎসাৰ নামত সৰ্বস্ব হেৰুৱাছে এই দুৰ্ভগীয়া পৰিয়ালটোৱে৷ চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ নিবলৈ পৰামৰ্শ দিছে যদিও দিনত খাই ৰাতিৰ সাঁজৰ চিন্তা কৰা পৰিয়ালটোৱে ভাবিব নোৱাৰে বাহিৰলৈ নি চিকিৎসা কৰাৰ কথা৷ আজিলৈ কোনো চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এই দৰিদ্ৰ পৰিয়ালটোক। কোনো দিনেই ৰজাঘৰীয়াৰ কৃপা দৃষ্টি নপৰা এই দুখীয়া তথা দুৰ্ভগীয়া পৰিয়ালটোৰ ওচৰত থিয় দিছে কমলপুৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়িকা প্ৰয়াত উত্তৰা কলিতাৰ সুযোগ্য সন্তান তথা কংগ্ৰেছৰ যুৱ নেতা পাৰ্শ্ব বব কলিতাই।পৰিয়ালটোৰ ঘৰত উপস্থিত হৈ তেওঁ কিছু নগদ ধন আগবঢ়োৱাৰ লগতে আগন্তুক দিনত এই অসহায় যুৱক গৰাকীক এখন হুইল চেয়াৰৰ ব্যৱস্থা কৰা হব বুলি উল্লেখ কৰে যুৱ নেতা গৰাকীয়ে।যুৱ নেতা গৰাকীক সংগ দিয়ে কামৰূপ জিলাৰ NSUI ৰ সভাপতি চাকিল আহমেদে। এতিয়া পাৰ্শ্ব বব কলিতাৰ এনে আদৰণীয় পদক্ষেপক লৈ প্রশংসাত পঞ্চমুখ বৰহাটাবাসী ৰাইজ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *