sangbad lahar logo

ক’ভিডত মৃত্যু হ’ল স্বামীৰ, চৰকাৰৰ সাহাৰ্য্য বিচাৰি হাহাকাৰ কৰিছে এগৰাকী মহিলাই।

ক’ভিডত আক্ৰান্ত হৈ কোনো ব্যক্তিৰ মৃত্যু হ’লে মৃত ব্যক্তিৰ পৰিয়ালে আঢ়ৈ লাখ টকাৰ সাহাৰ্য পাব বুলি ঘোষনা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কিন্ত, এই সাহাৰ্য বিচাৰি গৈ এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে এগৰাকী মহিলাই । ৬ মাহৰ পূৰ্বে ক’ভিডত আক্ৰান্ত হৈ মৃত্যুক সাঁৱতি লৈছিল দেৰগাৱঁৰ সমীপৱৰ্তী কমাৰগাৱঁৰ ক্ষুদ্ৰ ব্যৱসায়ী সুৰেশ চাহুৱে । কিন্তু পৰিয়ালৰ মূল ব্যক্তি জনক হেৰুৱাই দিশহাৰা হোৱা পত্নী আৰু দুই সন্তানে এতিয়া চৰকাৰী সাহাৰ্য বিচাৰিবলৈ গৈ হাহাকাৰ কৰিব লগা হৈছে । গুৱাহাটিৰ G.N.R.C চিকিৎসালয়ত সুৰেশ চাহুৰ মৃত্যু হোৱাৰ পিছত চিকিৎসালয় কৰ্তৃপক্ষই ক’ভিডত মৃত্যু হোৱাৰ প্ৰমান পত্ৰ চৰকাৰৰ স্বাহ্য বিভাগলৈ প্ৰেৰণ কৰাৰ পিছতো পৰিয়ালটোৱে আজি পৰ্যন্ত লাভ নকৰিলে চৰকাৰৰ সাহাৰ্য । ক’ভিড সম্পৰ্কীয় কাম-কাজ নিৰীক্ষন কৰা খানাপাৰাস্থিত স্বাস্থ্য বিভাগৰ কাৰ্যালয়ত সাহাৰ্য বিচাৰি যোৱা পৰিয়ালটোক বিভাগীয় কতৃপক্ষই মৃত লোকজনৰ কোনো নথি পত্ৰ লাভ নকৰা বুলি কৈ সাহাৰ্যৰ পৰা বঞ্চিত কৰে। এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত দুৰ্ভগীয়া পৰিয়ালটোৱে কৃষি মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাকো অৱগত কৰে যদিও আজিও চৰকাৰী ক্ষতিপূৰণ লাভ কৰিবলৈ সক্ষম নহ’ল । স্বাহ্য বিভাগৰ এনে কাণ্ডত অতিষ্ঠ হৈ এতিয়া সংবাদ মাধ্যমৰ কাষ চাপিছে মৃত সুৰেশ চাহুৰ পত্নী সংগীতা চাহুৱে । দুই সন্তানৰ মাতৃ এইগৰাকী মহিলাৰ মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান,পাবলগীয়া সাহাৰ্য প্ৰদান কৰি জীয়াই থাকিবলৈ দিয়ক আমাক অধিকাৰ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *