ওদালগুৰি টংলাৰ ৰতনপুৰত ব্ৰাহ্মণ সভাৰ সোণালী জয়ন্তীৰ লাইখুঁটা স্থাপন।

৬ ,৭ আৰু ৮ ডিচেম্বৰত অনুষ্ঠিত ৰতনপুৰৰ শ্ৰী-শ্ৰী বিষ্ণু মন্দিৰৰ প্ৰাঙ্গণত ভাবি ৰাম শৰ্মা সোঁৱৰণি সমন্বয় ক্ষেত্ৰত প্ৰায় ৫ হাজাৰ ধৰ্মপ্ৰাণ ৰাইজক আদৰিবলৈ সাজু উদযাপন সমিতি । ৫০ বছৰ গৰকা দৰং-আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ অন্যতম শাখা উজনি শাখা ব্ৰাহ্মণ শাখাৰ চলিত বৰ্ষৰ ৬ , ৭ আৰু ৮ ডিচেম্বৰ শুক্ৰ , শনি আৰু দেওবাৰে ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰতনপুৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব গৌৰৱৌজ্জ্বল সোণালী জয়ন্তী উৎসৱ । ওদালগুৰি ৰতনপুৰৰ শ্ৰী-শ্ৰী বিষ্ণু মন্দিৰ তথা ভাবিৰাম শৰ্মা
সোঁৱৰণি সমন্বয় ক্ষেত্ৰৰ প্ৰাঙ্গণত আয়োজন কৰা সোণালী জয়ন্তী উৎসৱৰ লাইখুঁটা স্থাপন কৰে উদযাপন সমিতিৰ সভাপতি ভূমিধৰ শৰ্মাই । লাইখুঁটা স্থাপন কাৰ্য্যসূচীত উপস্থিত থাকে দৰং-ওদালগুৰি ব্ৰাহ্মণ সভাৰ সভাপতি অনন্ত নাৰায়ণ ভট্টাচাৰ্য , উজনি শাখাৰ সভাপতি ৰবীন শৰ্মা , সম্পাদক জ্যোতিষ গোস্বামী , উদযাপন সমিতিৰ সভাপতি ভূমিধৰ শৰ্মা , মুখ্য সম্পাদক ৰমেন শৰ্মা , যুটীয়া সম্পাদক দেৱকান্ত বৰদলৈ , পুৰোহিত শাখাৰ সভাপতি দেবেন শৰ্মা , স্মৃতি গ্ৰন্থৰ সভাপতি সুৰেন্দ্ৰ নাথ শৰ্মা , উপদেষ্টা জয়ন্ত ভট্টাচাৰ্য্য , যুটীয়া সম্পাদক তীৰ্থ ৰঞ্জন শৰ্মা
আৰু ধীৰেশ্বৰ শৰ্মাকে ধৰি প্ৰায় শতাধিক লোক । সোণালী জয়ন্তী অনুষ্ঠানত উজনি শাখাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সমাজকৰ্মী ভূমিধৰ শৰ্মাক সভাপতি , ৰমেন চন্দ্ৰ শৰ্মাক মুখ্য সম্পাদক , দেৱকান্ত বৰদলৈ আৰু জ্যোতি শিখৰ শৰ্মাক যুটীয়া সম্পাদক হিচাপে লৈ ইতিমধ্যে ১৭ খনকৈ উপ-সমিতি তথা আদৰণি সমিতি গঠন কৰি ব্ৰাহ্মণ সভাৰ সোণালী জয়ন্তী অনুষ্ঠানৰ তীব্ৰ গতিৰে কাম-কাজৰ শুভাৰম্ভণি কৰিছে উদযাপন সমিতিয়ে । অন্তিম দিনৰ দৰং আৰু ওদালগুৰি জিলাৰ ব্ৰাহ্মণ সভাৰ সভাপতি অনন্ত নাৰায়ণ ভট্টাচাৰ্যৰ সভাপতিত্বত অনুষ্ঠিত
হ’ব লগীয়া সোণালী জয়ন্তীৰ মুকলি সভাত উপস্থিত থাকিব বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো , দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ কুমাৰ শইকীয়া , ৩৩ নং ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ এম.চি.এল.এ. তথা বিটিআৰৰ ইএম সঞ্জিৎ তাঁতীকে ধৰি , ব্ৰাহ্মণ মহাসভাৰ সভাপতি খগেন্দ্ৰ নাথ শৰ্মা , দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ উজনি শাখাৰ সভাপতি ৰবীন্দ্ৰ শৰ্মা, ব্ৰাহ্মণ সভাৰ কেন্দ্ৰীয় আৰু জিলা সমিতিৰ বহুকেইগৰাকী বিষয়ববীয়া তথা বিশিষ্ট ব্যক্তি উপস্থিত থাকিব । সোণালী জয়ন্তী উদযাপনত দৰং-আৰু ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তৰ ব্ৰাহ্মণ পৰিয়ালৰ উপৰিও বৃহত্তৰ অঞ্চলৰ জাতি-ভাষা ধৰ্ম নিৰ্বিশেষে বিভিন্ন জাতি-জনগোষ্ঠীৰ হাজাৰ-হাজাৰ লোক উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে উদযাপন সমিতিয়ে । উল্লেখযোগ্য যে ১৯৬৬ চনত ৰতনপুৰ নিবাসী প্রয়াত পদোৰাম শৰ্মাৰ বাসগৃহত বামুক্ত সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত নৰনাৰায়ণ দেৱ গোস্বামী
মহাপ্রভুৰ আহ্বানত মঙলদৈ মহকুমাৰ উত্তৰ অঞ্চলৰ টংলা চহৰক কেন্দ্র কৰি ‘সূর্যবিপ্র’ ব্রাহ্মণ পৰিয়ালসকলক একত্রিত কৰি উজনি নামেৰে নামকৰণ কৰি এটি শাখাৰ জন্ম দিছিল । সেয়েহে তিনিওটা দিনৰ প্ৰতিটো কাৰ্যসূচীতে জাতি-ভাষা ধৰ্ম নিৰ্বিশেষে সকলো জাতি-জনগোষ্ঠীৰ ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে।