sangbad lahar logo

ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ ডিমাকুছি -ভোলাটাৰত হাতী পোৱালীৰ কৰুণ মৃত্যু  । নিশা মাতৃৰ সৈতে পানী খাবলৈ আহি কুঁৱাত পৰি মৃত্যুমুখত পৰে হাতী পোৱালীটো ।

ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত নিৰৱছিন্নভাৱে চলি অহা হাতী মানুহৰ সংঘাতৰ মাজতে বুধবাৰে ভেৰগাঁৱৰ ডিমাকুছি – ভোলাটাৰত এটি বন্যহস্তীৰ পোৱালীৰ কুঁৱাত পৰি কৰুণ মৃত্যু হয় । জিলাখনৰ বাদলাপাৰা চাহ বাগিছাত বাহৰ পাতি থকা বন্যহস্তীৰ এটি বৃহৎ জাকৰ পৰা ফালৰি কাটি পোৱালীৰ সৈতে হাতীটো নিশা ২ নং ভোলাটাৰ গাঁৱত প্ৰৱেশ কৰে ৷ মাকৰ সৈতে গাঁওখনত প্ৰৱেশ কৰা পোৱালীটো পিয়াহত ক্ষুধা নিবাৰণৰ বাবে পানী খাবলৈ আহি অসাৱধানবশত: এটি পৰিত্যক্ত কুঁৱাত পৰি যোৱাত কৰুণভাৱে মৃত্যুক আঁকোৱালি লয় বুলি সন্দেহ । নিজৰ পোৱালীটোক বিছাৰি মাতৃৰ মুক্ত বিচৰণ ৷ ৰাতিপুৱা স্থানীয় দৃশ্যটো প্ৰত্যক্ষ কৰি বনবিভাগক খবৰ দিয়ে ৷ স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত পুৱাই বনবিভাগৰ লোক আৰু এছ এছ বি ৰ জোৱান  ঘটনাস্থলীত উপস্থিত হৈ মৃত হাতী পোৱালীটো কুঁৱাৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয় ৷ বন্যহস্তীৰ পোৱালীৰ কৰুণ মৃত্যুয়ে প্ৰকৃতিপ্ৰেমীসকলক ব্যৰ্থিত কৰি তুলিছে । অঞ্চলটোত নিতৌ বৃদ্ধি পাইছে জীৱশ্ৰেষ্ঠ মানৱৰ সৈতে বন্যহস্তীৰ সংঘাত । সংকুচিত বনাঞ্চলত তীব্ৰ খাদ্যসংকটত ভূগি বনাঞ্চলৰ হাতী জনাঞ্চললৈ ওলাই আহি খাদ্যৰ সন্ধানত প্ৰত্যক্ষ সংঘাতত লিপ্ত হৈছে  মানুহৰ সৈতে ৷ নিশা হ’লেই বন্যহস্তীৰ সৈতে সহবাস কৰিবলগীয়া হৈছে জীৱশ্ৰেষ্ঠ মানৱে ৷ হাতী মানুহৰ সংঘাতত সৰ্বশ্ৰান্ত হবলগীয়া হৈছে বহু পৰিয়াল । ভাৰত-ভূটান অঞ্চলটোত দৈনিক বৃদ্ধি পাবলৈ ধৰা হাতী মানুহৰ সংঘাতৰ নিৰাময় কেতিয়া, তাৰ উত্তৰ এতিয়া নাই কাৰো হাততে ৷

Related Articles